Drug and loot case on Train : লামডিং ৰে'ল ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ দুই যাত্ৰী

Drug and loot case on Train : লামডিং ৰে'ল ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ দুই যাত্ৰী
ৰে'লত যাত্ৰা কৰাৰ পূৰ্বে সাৱধান হওক । একাংশ দুস্কৃতিকাৰীয়ে আপোনাক নিচাজাতীয় দ্ৰব্য খুৱাই দি আপোনাৰ মূল্যৱান সামগ্ৰীবোৰ কাঢ়ি নিব পাৰে । লামডিং ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ হৈছে দুগৰাকী ৰে'ল যাত্ৰী (Two passengers found senseless at Lumding station)। তেওঁলোকক লুটপাত চলোৱাৰ সন্দেহ আৰক্ষীৰ ।
হোজাই, ২১ জানুৱাৰী : লামডিং ৰে'লৱে ষ্টেচনত চাঞ্চল্যকৰ ঘটনা । অচেতন অৱস্থাত উদ্ধাৰ দুগৰাকী যাত্ৰী (Two passengers found senseless at Lumding station)। উজনিমুৱা আলিপুৰদুৱাৰ ইণ্টাৰচিটী ৰে'লৰ পৰা ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে যাত্ৰী দুগৰাকীক । জানিব পৰা মতে ৰে'লখনৰ সাধাৰণ শ্ৰেণীৰ ডবাৰ পৰা আৰক্ষীয়ে অচেতন অৱস্থাত উদ্ধাৰ কৰে এজন পুৰুষ আৰু এগৰাকী মহিলাক (RPF rescues two senseless passengers at Lumding)।
ডবাটোৰ আন যাত্ৰীয়ে তেওঁলোকক অচেতন অৱস্থাত দেখাৰ পাছতে ৰে'ল আৰক্ষীক খবৰ দিয়ে । ৰে'ল আৰক্ষীৰ লগতে জি আৰ পি আৰু লামডিং ৰে'লৱে চিকিৎসালয়ৰ চিকিৎসকৰ দলে দুয়োগৰাকী যাত্ৰীক উদ্ধাৰ কৰি লামডিং ৰে'লৱে চিকিৎসালয়ত ভর্তি কৰায় । কোনো দুর্বৃত্তই নিচাযুক্ত দ্রব্য খুৱাই যাত্রী দুগৰাকীক লুটপাত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।
যাত্রী দুগৰাকীৰ বয়স আনুমানিক ৫০ বছৰ হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । তেওঁলোকৰ পৰা দুটা কাপোৰৰ বেগ আৰু সৰু কেইবাটাও বেগ পোৱা গৈছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰে'ল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : ধুবুৰীত কাৰাগাৰৰ পৰা ওলাই আহোতেই পুনৰ গ্ৰেপ্তাৰ চাৰিটা মাফিয়াক
