লামডিঙত চাইল্ড লাইনৰ অভিযানত তিনিগৰাকী কিশোৰী উদ্ধাৰ

author img

By

Published : Sep 23, 2021, 8:17 PM IST

three-minor-girl-rescued-in-an-operation-carried-by-child-line-in-lumding

বাল্য বিবাহৰ দৰে অসামাজিক কাৰ্য বন্ধ কৰাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকাৰ মাজতে ৰাজ্যত অব্যাহত আছে বাল্য বিবাহৰ দৰে জঘন্য ঘটনা ৷ শেহতীয়াকৈ লামডিঙত চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ হৈছে বাল্য় বিবাহৰ বলি হোৱা 3 গৰাকী কিশোৰী ৷

হোজাই, 23 ছেপ্তেম্বৰ : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বাল্য বিবাহৰ দৰে জঘন্য় ঘটনা ৷ শেহতীয়াকৈ হোজাই জিলাৰ লামডিঙত চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ তিনিগৰাকী এনে কিশোৰী উদ্ধাৰ হোৱা পাছতে পোহৰলৈ আহিছে এই কথা ৷ বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে হোজাই জিলাৰ লামডিঙত চাইল্ড লাইনৰ বিষয়া-কৰ্মীয়ে অভিযান চলাই এই কিশোৰী তিনিগৰাকীক উদ্ধাৰ কৰে ৷ জানিব পৰামতে উদ্ধাৰ হোৱা কিশোৰী তিনিগৰাকীৰ বয়স 15 বছৰৰ ভিতৰত ৷

লামডিঙত চাইল্ড লাইনৰ অভিযানত তিনিগৰাকী কিশোৰী উদ্ধাৰ

উল্লেখ্য যে, কেইমাহ মান পূৰ্বে লামডিঙৰ দুগৰাকী কিশোৰীক লামডিঙ টেৰেলাংচু গাঁৱৰ বাবলু দাস আৰু অজয় কুমাৰ দাসে বিবাহ কৰাই নিছিল ৷ আনহাতে, অষ্টম শ্ৰেণীত পঢ়ি থকা আনগৰাকী উদ্ধাৰ হোৱা কিশোৰীৰ সেই গাঁৱৰে শংকু গুৱালা নামৰ যুৱক জনৰ সৈতে বিবাহৰ যো-জা চলি আছিল ৷ কিন্তু গোপন সূত্ৰৰ অনুসন্ধানৰ অন্তত বৃহস্পতিবাৰে হোজাইৰ চাইল্ড লাইনে লামডিঙ আৰক্ষীৰ সহযোগত কিশোৰী তিনিগৰাকীক উদ্ধাৰ কৰি স্বামীৰ গৃহৰ পৰা লৈ আনে ৷

আনফালে, গাঁৱৰ ৰাইজৰ ভাষ্য অনুসৰি বিবাহ ঠিক হোৱাৰ পৰা আদি কৰি আজি পৰ্যন্ত সম্পূৰ্ণ ঘটনাৰ বিষয়ে 9 নং ৱাৰ্ড টেৰেলাংচুৰ ভি ডি পি (গাওঁৰক্ষী বাহিনী)ৰ কৰ্মী গৰাকী অৱগত আছিল ৷ চাইল্ড লাইনৰ অভিযোগ, বাল্য বিবাহৰ দৰে অসামাজিক কাম বন্ধ কৰিবলৈ যি সময়ত সকলোৱে উঠি পৰি লাগিছে তেনে সময়ত কেনেকৈ গাওঁৰক্ষী বাহিনীৰ চকুৰ সন্মুখত এনে ঘটনা ঘটিছে তাক লৈ প্ৰশ্ন উঠিছে ৷

লগতে পঢ়কঃ গৰুখুটিৰ কৃষি প্ৰকল্পত তীব্ৰ উত্তেজনা; শূন্যলৈ গুলী চলালে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.