হোজাইৰ ঢলপুখুৰীত শিক্ষক দিৱস উদযাপন

author img

By

Published : Sep 6, 2021, 12:10 PM IST

Teachers day celebration at Hojai

ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালকৈ হোজাইতো দেওবাৰে পালন কৰা হ'ল শিক্ষক দিৱস । মহিলা আত্মসহায়ক গোটৰ মাতৃ সকলক লগত লৈ পালন কৰা হ'ল শিক্ষক দিৱস । অসম ৰাজ্যিক জীৱিকা অভিযান অধীনত শিক্ষক দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ।

হোজাই, ৬ ছেপ্তেম্বৰ : ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপজা দিনটো ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয় । কৰ'ণা মহামাৰীৰ ভয়াৱহতা অব্যাহত থকাৰ মাজতে কভিড প্ৰট'কল মানি এইবাৰো সমগ্ৰ দেশ তথা ৰাজ্যত উদযাপন কৰা হ'ল শিক্ষক দিৱস । দেওবাৰে হোজাই জিলাতো শিক্ষক দিৱসৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ।

অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত ঢলপুখুৰী উন্নয়ন খণ্ডৰ উদ্যোগত আৰু নিলাচন চি এল এফৰ সহযোগত ঢলপুখুৰীত শিক্ষক দিৱস উদযাপন কৰা হয় । এই অনুষ্ঠানত চাৰিখন গাঁও পঞ্চায়তত থকা মহিলা আত্মসহায়ক গোটৰ মাতৃসকলে অংশ লয় । উল্লেখ্য যে, এনে ধৰণৰ অনুষ্ঠান আয়োজন কৰি হোজাই জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ নৱ প্ৰজন্মক সুস্থিৰ পথ দেখুওৱাৰ প্ৰয়াস কৰিছে নিলাচন চি এল এফে ।

আৰ্থিক অভাৱ যাতে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে । ইয়াৰ উপৰিও যি সকল ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সমাপ্ত হোৱাৰ পূৰ্বেই বিদ্যালয় ত্যাগ কৰিছে, তেওঁলোকক যাতে পুনৰ বিদ্যালয়মুখী কৰিব পাৰি তাৰ বাবেও অসম ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি চেষ্টা অব্যাহত ৰাখিছে নিলাচল চি এল এফে । জীৱনত শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে গ্ৰামাঞ্চলৰ লোকসকলক সজাগ কৰাৰ বাবে প্ৰয়াস কৰিছে নিলাচন চি এল এফে ।

লগতে পঢ়ক: কলিয়াবৰত উদযাপন শিক্ষক দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.