ডবকাত ভুল চিকিৎসাৰ ফলত ফাৰ্মৰ ৫৩ টা ছাগলীৰ মৃত্যু

author img

By

Published : Jan 10, 2022, 10:49 AM IST

53 goats died in Dabka due to wrong treatment

নিজকে পশু চিকিৎসক বুলি চিনাকী দি ক্ষেত্ৰ সহায়কে প্ৰদান কৰিলে ভেকচিন ৷ ফলত হোজাইৰ ডবকাত এখন ফাৰ্মৰ ৫৩টা ছাগলীৰ মৃত্যু (Death of large number of goats due to wrong treatment ৷

হোজাই, 10 জানুৱাৰী : হোজাই জিলাৰ ডবকাত ৫৩ টা ছাগলীৰ আকষ্মিক মৃত্যুক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ(Death of large number of goats due to wrong treatment) ৷ জিলাখনৰ ডবকাস্থিত এগৰাকী যুৱ উদ্যমীৰ ফাৰ্মৰ ৫৩টা ছাগলীৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । মদাৰতলিত জ্যোতি প্ৰসাদ বৰা নামৰ যুৱকজনৰ ফাৰ্মৰ ৫৩টা ছাগলীৰ মৃত্যু হয় । স্বাৱলম্বী হ’বৰ বাবে ঋণ লৈ ১৮ মাহ পূৰ্বে ৮৪ টা ছাগলী ক্ৰয় কৰি এখন ফাৰ্ম খুলিছিল জ্যোতি প্ৰসাদে ৷

বৰ্তমান ফাৰ্মৰ ৫৩ টা ছাগলীৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনে(Goats died in Doboka) ৷ পৰিয়ালৰ অভিযোগ অনুসৰি জিতু হাজৰিকা নামৰ এজন ক্ষেত্ৰ সহায়কে নিজকে পশু চিকিৎসক বুলি পৰিচয় দি ফাৰ্মৰ ছাগলী কেইটাক পিপিআৰ ৰোগৰ ভেকচিন প্ৰদান কৰিছিল ৷ এই ভেকচিন প্ৰদানৰ পিছতে এটা এটাকৈ ৫৩ টা ছাগলীৰ মৃত্যু হয় ৷ যাৰ বাবে পৰিয়ালটোৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পশু চিকিৎসকে বাকী থকা ছাগলীকেইটাৰ চিকিৎসা কৰাৰ বাবে বৰ্তমান সুস্থ হৈ উঠিছে ৷

ডবকাত ভুল চিকিৎসাৰ ফলত ফাৰ্মৰ ৫৩ টা ছাগলীৰ মৃত্যু

ইতিমধ্যে ক্ষেত্ৰ সহায়ক জিতু হাজৰিকাৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত গোচৰ তৰিছে জ্যোতি প্ৰসাদ বৰাই ৷ চিকিৎসকৰ মতে, ছাগলীকেইটা পিপিআৰ নামৰ ৰোগত আক্ৰান্ত হৈ থকাৰ সময়তে ক্ষেত্ৰ সহায়কজনে ভেকচিন প্ৰদান কৰে ৷ ফলত ৰোগ বৃদ্ধি হৈ ছাগলী কেইটা মৃত্যুৰ মুখত পৰে ৷ ছাগলী কেইটাৰ মৃত্যুৰ ফলত অৰ্থৰ অভাৱত এতিয়া উপায়হীন হৈ পৰা জ্যোতি প্ৰসাদ বৰাই বিচাৰিছে উচিত তদন্ত ৷

লগতে পঢ়ক : African swine fever in Fever : মাজুলীৰ এখন গাঁৱক কন্টেইনমেন্ট জ’ন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.