Report on damages of flood: হোজাইত বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ চূড়ান্ত তালিকা দাখিল

author img

By

Published : Jul 25, 2022, 10:33 PM IST

Report on damages of flood in Hojai submitted by survey committee

অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰৰ তিনিগৰাকী উচ্চপদস্থ বিষয়াৰ নেতৃত্বত গঠন কৰি দিয়া চিকিৎসককে ধৰি স্বাস্থ্যবিভাগৰ বিষয়া আৰু কৰ্মচাৰীৰ ষাঠি জনীয়া দল এটাই হোজাই, ডবকা আৰু লংকা তিনিওটা ৰাজহচক্ৰৰে প্ৰতিটো বাসগৃহতে অনুসন্ধান কৰি চূড়ান্ত তালিকা প্ৰস্তুত কৰি সোমবাৰে প্ৰতিবেদন দাখিল কৰে (Report on damages of flood) । এই পৰ্যালোচনা সভাত স্বাস্থ্যবিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ।

হোজাই, 25 জুলাই: অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰৰ তিনিগৰাকী উচ্চপদস্থ বিষয়াৰ নেতৃত্বত গঠন কৰি দিয়া চিকিৎসককে ধৰি স্বাস্থ্যবিভাগৰ বিষয়া আৰু কৰ্মচাৰীৰ ষাঠি জনীয়া দল এটাই হোজাই, ডবকা আৰু লংকা তিনিওটা ৰাজহচক্ৰৰে প্ৰতিটো বাসগৃহতে অনুসন্ধান কৰি চূড়ান্ত তালিকা প্ৰস্তুত কৰি সোমবাৰে প্ৰতিবেদন দাখিল কৰে (Report on damages of flood in Hojai submitted by survey committee ) ।

Report on damages of flood in Hojai submitted by survey committee
হোজাইত বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ চূড়ান্ত তালিকা দাখিল

হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই পৰ্যালোচনা সভাত স্বাস্থ্যবিভাগৰ মন্ত্ৰী কেশৱ মহন্ত (Health Minister in Hojai) উপস্থিত থাকে । ১৫ আগষ্টৰ পূৰ্বেই ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী দিয়া নিৰ্দেশমৰ্মে দাখিল কৰা চূড়ান্ত প্ৰতিবেদনৰ ভিত্তিত হোজাই জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ বাবে ৰিলিফ মেনুৱেল অনুযায়ী নিৰ্ধাৰিত ক্ষতিপূৰণ প্ৰদান কৰা হ’ব (Compensation to flood affected people) বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, হোজাই জিলাৰ বানৰ ক্ষয়-ক্ষতিৰ (Flood in Hojai) সম্পূৰ্ণ তথ্য সংগ্ৰহৰ বাবে প্ৰশাসনে চলোৱা জৰীপকাৰ্যৰ বিষয়ে চৰজমিনভাৱে বুজ লোৱাৰ উদ্দেশ্যৰে শনিবাৰে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হৈছিল মন্ত্ৰী কেশৱ মহন্ত । জিলাখনৰ বানে প্ৰভাৱিত কৰা অঞ্চল সমূহত উপায়ুক্তৰ নেতৃত্বত গঠন কৰি দিয়া জৰীপকাৰী দলে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা ক্ষয়-ক্ষতিৰ তালিকাত হোজাই ৰাজহচক্ৰৰ ৫৪ খন ৰাজহ গাঁও, ডবকা ৰাজহ চক্ৰৰ ২২ খন ৰাজহ গাঁও আৰু লংকা ৰাজহ চক্ৰৰ ১২ খন ৰাজহ গাঁও অন্তৰ্ভুক্ত হয় ৷

Report on damages of flood in Hojai submitted by survey committee
হোজাইত বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ চূড়ান্ত তালিকা দাখিল

লগতে সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা, বেয়াকৈ বিধ্বস্ত হোৱা আৰু আংশিকভাৱে বিধ্বস্ত হোৱা ৫৩১৪ টা গৃহৰ ক্ষয়ক্ষতিৰ তথ্য লাভ কৰিছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । প্ৰস্তুত হোৱা তালিকা পুনৰীক্ষণৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশ অনুযায়ী ৰাজ্য চৰকাৰৰ তিনিগৰাকী জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত ষাঠি জনীয়া বিষয়া-কৰ্মচাৰীৰ এটি দল হোজাই জিলাত উপস্থিত হৈ তিনিওটা ৰাজহ চক্ৰতে এই বিষয়া আৰু কৰ্মচাৰীসকলক ১২ টা দলত বিভক্ত কৰি নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ক্ষয়ক্ষতিৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰাৰ বাবে দায়িত্ব দিয়ে ৷

সোমবাৰে তিনিদিনৰ পাছত এই পৰ্যালোচনা বৈঠকখনত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী (DC Anupam Choudhury), পুণৰীক্ষণকাৰী দলক নেতৃত্ব দিয়া তিনিগৰাকী বিষয়াক্ৰমে ৰাজ্য চৰকাৰৰ যুটীয়া সচিব তথা অতিৰিক্ত স্বাস্থ্যসেৱা সঞ্চালক প্ৰদীপ টিমুং, স্বাস্থ্য বিভাগৰ উপ সচিব তথা অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালক পমী বৰুৱা আৰু অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ৰণবীৰ বৰা উপস্থিত থাকে ।

লগতে পঢ়ক: Medicine price hike : দৰবৰ পুনৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধাইছে সৰ্বসাধাৰণক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.