ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ডবকাত সজাগতা সভা

author img

By

Published : Sep 29, 2022, 4:12 PM IST

National Nutrition Month celebrate at Hojai

গ্ৰামাঞ্চলকে ধৰি প্ৰতিটো প্ৰান্তৰ প্ৰতিটো ঘৰে ঘৰে শিশু সকলে যাতে পুষ্টিকৰ খাদ্য লাভ কৰি সু-স্বাস্থ্যবান হৈ উঠে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰে (National Nutrition Month in Assam)। চৰকাৰৰ নিৰ্দেশনা অনুসৰি হোজাই জিলাতো ৰূপায়ণ কৰা হৈছে পোষণ মাহৰ কাৰ্যসূচী ।

হোজাই, 29 ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় পোষণ মাহ (National Nutrition Month celebrate at Hojai) উপলক্ষে ডবকাৰ অকচেক পথাৰত বুধবাৰে এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ হোজাই জিলাৰ লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ (Lanka Integrated Child Development Project) উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২(National Nutrition Month 2022 in Assam) উপলক্ষে এখন সভাখন অনুষ্ঠিত হয় ৷

এই উপলক্ষে সবল নাৰী,স্বাক্ষৰ শিশু,সুস্থ ভাৰত শ্ল'গানেৰে পুষ্টিৰথ(Pustirath), মাতৃৰথ(Matrirath),শক্তিৰথ শীৰ্ষক সমদল উলিয়াও হয় ৷ ছুপাৰভাইজাৰ মিনতি দেৱীয়ে নেতৃত্ব দিয়া পথযাত্ৰাত শতাধিক কৰ্মী-সহায়িকাই অংশ গ্ৰহণ কৰে ৷ এই উপলক্ষে শিশু, গৰ্ভৱতী মহিলা তথা প্ৰসূতি মাতৃৰ পৰিপুষ্টি সাধনৰ বাবে ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰা খাদ্য সামগ্ৰী আদিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয় ৷

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ডবকাত সজাগতা সভা

ইয়াৰ সৈতে সংগতি ৰাখি ডবকাৰ সমাজকৰ্মী আমিৰ উদ্দিন আহমেদৰ সভাপতিত্ব অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছুপাৰভাইজাৰ মিনতি দেৱীয়ে ৷

লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া নিৰঞ্জন তালুকদাৰ, জিলা সমাজ কল্যাণ বিষয়া মনিকা বৰঠাকুৰ আৰু মুখ্য সেৱিকা পাৰ্বতী গোস্বামীয়ে পোষণ মাহ সম্পৰ্কে ভাষণ আগবঢ়ায় ৷ উক্ত সভাত মনিকা বৰঠাকুৰে কয় যে, দুটা সন্তানেই যথেষ্ট বুলি প্ৰচাৰ চলোৱাৰ সময়তে এগৰাকী মহিলাই আজিৰ দিনতো ৪-৫ টা সন্তান জন্ম দিয়াটো সমাজৰ কাৰণে ক্ষতিকাৰক ৷

উল্লেখ্য় যে, ৰাষ্ট্ৰীয় পোষণ মাহ হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্যসূচী। ভাৰতত পোষণ অভিযানক গতি প্ৰদান কৰিবলৈ ২০১৮ চনৰ ২৪ জুলাইত ভাৰতৰ পুষ্টি প্ৰত্যাহ্বানৰ ওপৰত ৰাষ্ট্ৰীয় পৰিষদে ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই মাহত সকলো ভাৰতৰ সমূহ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা তৃণমূল স্তৰলৈকে পুষ্টি সজাগতা সম্পৰ্কীয় কাৰ্যকলাপ সম্পন্ন কৰা হয় ।

লগতে পঢ়ক:উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.