উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

author img

By

Published : Sep 29, 2022, 1:45 PM IST

minister Parimal Suklabaidya reacts on Hojai DC and ADC suspended

বৃহস্পতিবাৰে হোজাইত উপস্থিত হৈ উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই (Minister Parimal Suklabaidya reacts) ৷

হোজাই, 29 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে হোজাইত উপস্থিত হ’ল জিলাখনৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ অহা ৮ অক্টোবৰত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ (JP Nadda and Amit Shah to come Guwahati)। দুয়োগৰাকী কেন্দ্ৰীয় নেতাক আদৰিবলৈ ৰাজ্যিক বিজেপিয়ে তৎপৰতা আৰম্ভ কৰিছে । ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ সামন্তৰালকৈ হোজাইৰ পৰা দলীয় কৰ্মকৰ্তাক সভালৈ যাতে আনিব পাৰে তাৰ বাবে তৎপৰ হৈ পৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

এই সমাৱেশলৈ দলীয় কৰ্মীসকলক নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে হোজাইত উপস্থিত হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ডবকাস্থিত বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে এখন সাংগঠনিক সভাতো মিলিত হয় (Minister Parimal Suklabaidya in Hojai) ৷ এই সভাৰ পিছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন (Hojai DC and ADC suspended) কৰাৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘আইনৰ উৰ্ধত কোনো নহয় ৷ আইন সকলোৰে বাবে একেই ’ বুলি মন্তব্য কৰে (Minister Parimal Suklabaidya reacts) ৷

উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

উল্লেখ্য যে, বুধবাৰে নিশা লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিকভাবে নিলম্বন কৰা হৈছে হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক ৷ স্কুটী আৰোহীক লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশত অহা অৱস্থাত খেদি-খেদি প্ৰহাৰ কৰাৰ অভিযোগ এই দুই বিষয়াৰ বিৰুদ্ধে (Allegedly assaulting elderly citizen) ৷ লংকাৰ ৭ নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হৈছিল এই ঘটনা ৷ সমগ্ৰ ঘটনাটোৰ দৃশ্য বন্দী হৈ ৰৈছিল চিচি টিভি কেমেৰাত ৷

লগতে পঢ়ক: হোজাইৰ উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.