মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পাছতো গা লৰা নাই ভূ-মাফিয়াৰ

author img

By

Published : Dec 30, 2021, 10:26 PM IST

Land Mafia Menace in Derai pathat at Hojai

হোজাই জিলাৰ কাকী তিনি নং ডেৰাপথাৰত দালালৰ সন্ত্ৰাস(Land Mafia Menace) । দালালৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পিছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ ।

হোজাই, 30 ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছত আৰক্ষীয়ে ভূ-মাফিয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ(Operation against Land Mafia) পিছতো যেন ভয় খোৱা নাই একাংশ মাটি দালালে । বিভিন্ন অঞ্চলত এচাম দালালে ভিতৰি ভিতৰি চলাই গৈছে কু-কৰ্ম । এনে এক ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ কাকী ডেৰাপথাৰত । বিগত ১০ বছৰৰ পূৰ্বে কাকীৰ ৩নং ডেৰাপথাৰত প্ৰহ্লাদ দেৱনাথ নামৰ এজন লোকে পৰিমল ডালুৰ পৰা ৪ বিঘা ২কঠা মাটি ক্ৰয় কৰিছিল । চাৰিমাহ পূৰ্বে প্ৰহ্লাদ দেৱনাথৰ মৃত্যু হয় ৷

প্ৰহ্লাদ দেৱনাথৰ মৃত্যুৰ পাছত তিনিপুত্ৰ আৰু মাতৃয়ে উক্ত মাটিত বসবাস কৰি আহিছে । কিন্তু, প্ৰহ্লাদ দেৱনাথৰ মৃত্যুৰ পিছৰে পৰা ভয় ভাবুকি খাই জীৱন অতিবাহিত কৰিব লগা হৈছে তেওঁৰ পত্নী সুনতি দেৱনাথ আৰু তিনিপুত্ৰ ক্ৰমে মধুসুধন দেৱনাথ, মনোৰঞ্জন দেৱনাথ আৰু দীপ দেৱনাথে । মৃত প্ৰহ্লাদৰ পত্নী আৰু পুত্ৰই বসবাস কৰি থকা ৩নং ডেৰাপথাৰৰ মাটিৰ দলিল বিচাৰি তিনি মাটি দালালে ধমক দিয়াৰ অভিযোগ উঠিছে ৷

মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পাছতো গা লৰা নাই ভূ-মাফিয়াৰ

তেওঁলোকক খেতিলৈ গ’লে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে তিনিপুত্ৰক মাৰপিট কৰাৰো অভিযোগ উঠিছে তিনি দালালৰ বিৰুদ্ধে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত কাকী আৰক্ষী থানাত(Case Register against Land mafia) এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ অৱশ্যে আৰক্ষীয়ে তিনি দালালৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ কৰিছে পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : আছুক দেখি বেৰিকেড পাৰ হৈ খৰখেদাকৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.