হোজাইৰ স্বামী বিবেকানন্দ খেল পথাৰ প্ৰাংগনত খেলো ইণ্ডিয়াৰ কেন্দ্ৰ মুকলি

author img

By

Published : Sep 21, 2022, 6:25 PM IST

Khelo India Centre opened at Hojai

চৰকাৰে দেশত এহেজাৰটা খেলো ইণ্ডিয়া কেন্দ্ৰ স্থাপনৰ কাম ইতিমধ্য়ে আৰম্ভ কৰিছে । ইতিমধ্য়ে খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়া (Fit India Mission) অভিযানে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰে অংশৰূপে হোজাইৰ স্বামী বিবেকানন্দ খেল পথাৰত খেলো ইণ্ডিয়াৰ কেন্দ্র মুকলি কৰা হয় ।

হোজাই, ২১ছেপ্টেম্বৰ: দেশৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে ক্ৰীড়াৰ সৈতে জড়িত সকলো লোককে উৎসাহিত কৰা উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে । অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে দেশত এহেজাৰটা খেলো ইণ্ডিয়া কেন্দ্ৰ স্থাপনৰ কাম ইতিমধ্য়ে আৰম্ভ কৰিছে । ইয়াৰে অংশৰূপে হোজাইৰ স্বামী বিবেকানন্দ খেল পথাৰ প্ৰাংগনত খেলো ইণ্ডিয়াৰ কেন্দ্র মুকলি কৰা হয় ।

হোজাই জিলাৰ স্বামী বিবেকানন্দ খেলপথাৰত(Khelo India Centre at Swami Vivekananda Ground) হোজাই তথা হোজাইৰ দাঁতিকাষৰীয়া খেলুৱৈসকলক উৎসাহ দিয়াৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ উদ্য়োগত এটা খেলো ইণ্ডিয়াৰ কেন্দ্র(Khelo India Centre opened at Hojai) বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । চহৰখনৰ স্বামী বিবেকানন্দ খেলপথাৰত এই উদ্দেশ্য়ে আয়োজিত এখন সভাত কেন্দ্ৰটো মুকলি কৰি উক্ত কেন্দ্ৰটোৰ পৰা খেলুৱৈসকল কেনেদৰে উপকৃত হ'ব সেই সন্দৰ্ভত ভাষণত উল্লেখ কৰে হোজাই জিলাৰ দায়িত্বত থকা ক্ৰীড়াৰ প্ৰভাৰী ৰবাৰ্ট টিলঙে । উক্ত খেলো ইণ্ডিয়াৰ কেন্দ্ৰটোত বিশেষকৈ খেলুৱৈসকলক ফুটবল খেলৰ প্ৰশিক্ষণ দিয়া হ'ব বুলি হোজাই জিলা ক্ৰীড়াৰ প্ৰভাৰীগৰাকীয়ে উল্লেখ কৰিছে ।

হোজাইৰ স্বামী বিবেকানন্দ খেল পথাৰ প্ৰাংগনত খেলো ইণ্ডিয়াৰ কেন্দ্ৰ মুকলি

হোজাই ক্ৰীড়া সন্থাৰ সভাপতি শিলাদিত্য দেৱে কয় যে বৰ্তমান খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়া অভিযানে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁ পুনৰ কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খেলো ইণ্ডিয়াৰ কেন্দ্র মুকলি কৰাৰ সমান্তৰালভাৱে হোজাই জিলাতো হোজাই আৰু লংকাত দুটা কেন্দ্র মুকলি কৰা হয় । দেশত খেলৰ যথেষ্ট সম্ভাৱনীয়তা আছে আৰু ইয়াক সঠিক ৰূপত ব্যৱহাৰৰ বাবে উদ্যোগ, বাণিজ্য আৰু বিভিন্ন প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াব লাগিব বুলিও তেওঁ কয় ।

বৰ্তমান খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়া (Fit India Mission) অভিযানে বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া আঁচনিৰ অধীনত অসম ৰাইফলছ পাব্লিক স্কুলক (Assam Rifles Public School) ক্ৰীড়া বিদ্যালয় (Sports School of North East) হিচাপে ইতিমধ্য়েই ঘোষণা কৰা হৈছে । এই বিদ্যালয়ৰ মেধা সম্পন্ন খেলুৱৈ ছাত্ৰ-ছাত্ৰী সকলৰ থকা খোৱা, শিক্ষা, প্ৰতিযোগিতা আদি বিভিন্ন ব্য়য় কেন্দ্ৰীয় চৰকাৰে বহন কৰে । শিক্ষাৰ সৈতে ক্ৰীড়াক আগবঢ়াই নিয়াৰ লগতে ইয়াৰ জৰিয়তে সমগ্ৰ দেশতে এজন খেলুৱৈৰ সৰ্বাংগীণ বিকাশ সাধন কৰাই হৈছে খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয়ৰ প্ৰধান উদ্দেশ্যে ।

লগতে পঢ়ক:নৰ্থ চেনেল সাঁতুৰি প্ৰথমজন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিলে এলভিছ আলী হাজৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.