কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত হোজাইৰ জিলা পৰিবহন বিষয়াৰ সংবাদমেল

author img

By

Published : Sep 13, 2021, 7:33 PM IST

Hojai DTO pressmeet

হোজাই জিলাৰ বাণিজ্যিক আৰু ব্যক্তিগত বাহনৰ অনাদায় হৈ থকা গাড়ীৰ কৰ ১০ দিনৰ ভিতৰত আদায় দিয়াৰ আহ্বান জিলা পৰিবহন বিষয়া তামচিন আফতাৰৰ । সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি তেওঁ কেইবাটাও প্ৰসংগ উত্থাপন কৰে । ‘স্পীড লিমিট’ মানি চলিবলৈও তেওঁ সকলোকে আহ্বান জনায় ।

হোজাই, ১৩ ছেপ্টেম্বৰ: সোমবাৰে হোজাই জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি জিলা পৰিবহণ বিষয়া তামচিন আফতাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে । তেওঁ জিলাখনৰ বাণিজ্যিক আৰু ব্যক্তিগত বাহনৰ অনাদায় হৈ থকা কৰ আদায় দিবলৈ গাড়ীৰ গৰাকীক আহ্বান জনায় । এয়াৰ বাবে তেওঁ ১০ দিনৰ সময়সীমাও নিৰ্ধাৰণ কৰি দিয়ে । লগতে জিলাখনত প্রযোজ্য কৰা ‘স্পীড লিমিট’ মানি চলিবলৈও ৰাইজক অনুৰোধ জনায় ।

অন্যথা পৰিবহন বিভাগৰ আইন অমান্য কৰা বাহনসমূহক জৰিমনা বিহা হ'ব বুলি সংবাদমেলত জিলা পৰিবহণ বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে । ইতিমধ্যে, জিলাখনত পৰিবহণ বিভাগ আৰু লোক নিৰ্মাণ বিভাগে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে পথসমূহত ছাইনব'ৰ্ড লগোৱাৰ ব্যৱস্থা কৰিছে । আনহাতে, জিলাখনত অতিৰিক্ত সামগ্ৰী কঢ়িওৱা গাড়ীৰ বিৰুদ্ধেও অভিযান অব্যাহত আছে । এই অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে ।

লগতে কাষৰীয়া নগাঁও আৰু কাৰ্বি আংলং জিলাত পঞ্জীয়ন হৈ থকা বাহনসমূহক সংশ্লিষ্ট জিলাৰ পৰিবহন কাৰ্যালয়ত কৰসমূহ আদায় দিবলৈ জিলা পৰিবহন বিষয়া তামচিন আফতাৰে আহ্বান জনায় ।

অন্যথা জিলাখনত থকা এনে বাহনসমূহৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে পৰিবহন বিষয়া তামচিন আফতাৰে । সংবাদমেলত পৰিবহন বিষয়াগৰাকীৰ লগতে এনফ'ৰ্চমেণ্ট বিষয়া মুখলেছুৰ ৰহমান আৰু এম ভি আই হৰমোহন শ‍ইকীয়া উপস্থিত থাকে । মুঠতে পৰিবহন বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিয়মসমূহ মানিবলৈ জিলা পৰিবহন বিষয়াগৰাকীয়ে আহ্বান জনায় ।

লগতে পঢ়ক : চাপৰত কাঠৰ কুণ্ডাসহ কাঠ ফলা মেচিন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.