বিচাৰৰ সময়তে উত্তপ্ত হৈ পৰিল উদালী থানা

author img

By

Published : Oct 20, 2021, 1:35 PM IST

heated-situation-at-udali-police-station

হোজাইৰ উদালী থানা(Udali Police Station)ত উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীৰ সন্মুখতে দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ৷ কিন্তু কি কাৰণে সংঘটিত হ’ল এই কাজিয়া, জানিবলৈ সবিশেষ পঢ়ক...

হোজাই, 20 অক্টোবৰ : হোজাই জিলাৰ উদালী থানা(Udali Police Station)ত মঙলবাৰে সংঘটিত হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ উদালী থানাৰ সন্মুখতে দুই ফৈদৰ মাজত হাতে-হাতে লাঠি-জোং লৈ সংঘটিত প্ৰচণ্ড মাৰপিট ৷ দুয়োটা ফৈদৰে কেইবাজনো লোক আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । সংকটজনক অৱস্থাত লোক দুজনক হাম হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

ঘটনাৰ বিৱৰণী অনুসৰি, দুৰ্গা পূজা(Durga Puja)ৰ নৱমীৰ দিনা অপ্পু ঘোষ আৰু ৰঞ্জন ঘোষ নামৰ লোক দুজনৰ মাজত পূজাৰ বিষয় লৈ কাজিয়াৰ সূত্ৰপাত ঘটিছিল । মঙলবাৰে অপ্পু ঘোষে ৰে’লযোগে কৰ্মস্থলীলৈ যাবলৈ ওলোৱাত ৰে’ল ষ্টেচনৰ পৰাই ৰঞ্জন ঘোষ আৰু চাৰি ভাতৃ ক্ৰমে- জিণ্টু ঘোষ, মিঠুন ঘোষ, নিতু ঘোষ আৰু বিটু ঘোষে অপ্পুক অপহৰণ কৰি লৈ যায় ৷

উদালী থানাত প্ৰচণ্ড মাৰপিট

অপহৰণ কৰি নিজ ঘৰত বান্ধি অপ্পুক মাৰ-ধৰ কৰে ৰঞ্জন সহিতে তেওঁৰ ভায়েক কেইজনে । উক্ত ঘটনাৰ খবৰ পাই অপ্পুৰ ভাতৃয়ে ততাতৈয়াকৈ উদালী আৰক্ষী(Udali Police)ক খবৰ দিয়ে । উদালী আৰক্ষীয়ে লগে লগে ৰঞ্জন ঘোষৰ বাসগৃহত উপস্থিত হৈ গছত বান্ধি ৰখা অৱস্থাত অপ্পুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

তদুপৰি ঘটনা সংক্ৰান্তত ৰঞ্জন আৰু চাৰি ভাতৃক আটক কৰে আৰক্ষীয়ে । উদালী আৰক্ষীয়ে দুই ফৈদক থানালৈ নি ঘটনা সন্দৰ্ভত সোধ-পোচ কৰি থকাৰ সময়তে আৰক্ষীৰ সন্মুখতে পুনৰ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয় ৷ উপায়ন্তৰ হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ হেতু লাঠীচালনা কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : কৃত্ৰিম বান : মহানগৰীত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.