NGO Initiative: চছিয়েল কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আদৰণীয় পদক্ষেপ

NGO Initiative: চছিয়েল কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আদৰণীয় পদক্ষেপ
হোজাইৰ স্বেচ্ছাসেৱী সংগঠন চছিয়েল কেয়াৰ ফাউণ্ডেশ্যনৰ এক আদৰণীয় পদক্ষেপ (Good initiative by NGO social care foundation) ৷ ক’ৰণাকালীন পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাটোৱে পদপথৰ দৰিদ্ৰসকলৰ মাজত বিতৰণ কৰিছে মাস্ক ৷ ইয়াৰ লগতে শীতৰ পৰা কিছু পৰিমানে হ’লেও পৰিত্ৰাণ দিয়াৰ উদ্দেশ্যে কম্বল বিতৰণ কৰা হয় ।
হোজাই, 15 জানুৱাৰী: হোজাই জিলাৰ লামডিঙৰ এটি সামাজিক সংস্থা চছিয়েল কেয়াৰ ফাউণ্ডেশ্যনে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ (Good initiative by NGO social care foundation)। শনিবাৰে লামডিঙৰ সামাজিক সংস্থাটোৰ উদ্যোগত লামডিঙৰ বিভিন্ন অঞ্চলৰ ফুটপাটত থকা দৰিদ্ৰ লোকৰ মাজত বিনামূলীয়া মাস্ক আৰু কম্বল বিতৰণ কৰা হয় ।
প্ৰথম দিনটোৰ কম্বল বিতৰণ কাৰ্য্যসূচীত উপস্থিত থাকে লামডিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন কুমাৰ শৰ্মাৰ লগতে বহুকেইজন স্থানীয় বিশিষ্ট ব্যক্তি ।
প্ৰচণ্ড ঠাণ্ডাৰ পৰা পৰিত্ৰাণ দিয়াৰ উদেশ্য আগত ৰাখি লামডিং ৰে’ল ষ্টেচন তথা ফুটপাথত থকা দৰিদ্ৰ লোক সকলৰ মাজত কম্বল বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ ভৱিষ্যতও এনে জন কল্যানমূলক কাৰ্যসূচী অব্যাহত থাকিব বুলি জনায় সংস্থাটোৰ সভাপতি ৰঞ্জিত দেয়ে ৷
লগতে পঢ়ক: আজি ষ্টাৰ্টআপ ব্যৱসায়ীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
