দুৰ্ঘটনা ৰোধিবলৈ হোজাই জিলাৰ দম্পতীয়ে বিতৰণ কৰিলে হেলমেট

author img

By

Published : Dec 30, 2021, 10:07 PM IST

Free helmet distribution by couple in Hojai

হোজাইৰ দম্পতীৰ প্ৰসংসনীয় পদক্ষেপ । দুৰ্ঘটনা ৰোধিবলৈ বাইক আৰোহীক বিনামূলীয়াকৈ বিতৰণ হেলমেট, মাস্ক আৰু ফুলৰ পুলি (Free helmet distribution in Hojai) ।

হোজাই, 30 ডিচেম্বৰ : দুৰ্ঘটনা ৰোধিবলৈ হোজাই জিলাৰ দম্পতীৰ প্ৰসংসনীয় পদক্ষেপ । বাইক আৰোহীক বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে হেলমেট (Free helmet distribution in Hojai) । নৱ-বৰ্ষৰ উপলক্ষে ফুল গছ আৰু লগতে বিলোৱা হৈছে মাস্ক । ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতি সন্মান জনাই হোজাই জিলা লংকাত যান-বাহনৰ ক্ষেত্ৰত আয়োজন কৰা হৈছে সজাগতা সভা (Traffic awareness meeting in hojai)। বাইক আৰোহীক বিনামূলীয়াকৈ বিতৰণ হেলমেট, মাস্ক আৰু ফুলৰ পুলি ।

মাজত মাথো এটা দিন বাকী নৱ-বৰ্ষলৈ । নৱ-বৰ্ষৰ প্ৰাকক্ষণত সকলো ব্যস্ত নৱ-বৰ্ষক আদৰিবলৈ ৷ তেনে ক্ষণতেই হোজাই জিলাৰ লংকাৰ এটি দম্পতী শিপ্ৰা ৰয় আৰু বিনয় ৰয়ৰ এই প্ৰসংসনীয় পদক্ষেপ । লংকা লামডিং সংযোগী পথত, পথৰ দাঁতিত যান-বাহনৰ নীতি-নীৰ্দেশনা সম্পৰ্কত সজাগতা সভা পাতি পথত অহা-যোৱা কৰা বাইক আৰোহীক বিনামূলীয়াকৈ প্ৰদান কৰে হেলমেট আৰু নৱ-বৰ্ষৰ প্ৰাকক্ষণত প্ৰদান কৰে এজোপাকৈ ফুলগছ ।

হেলমেট প্ৰদান কৰি প্ৰতিজন বাইক আৰোহীক হেলমেটৰ প্ৰযোজনীয়তা সম্পৰ্কে অৱগত কৰে দম্পতীটোৱে ৷ ইয়াৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত লোকসকলকো প্ৰদান কৰা হয় মাস্ক (Mask distribution by couple in Hojai)। নৱ-বৰ্ষৰ আনন্দ ফূৰ্তি কৰিবলৈ গৈ কোনো মাতৃৰ পুত্ৰ, কোনো পত্নীৰ স্বামী নাইবা ভাতৃ যাতে দুৰ্ঘটনাত পতিত হৈ কাৰো বুকু উদং নহয় তাৰ বাবে দুই পতি-পত্নী এই প্ৰচেষ্টা । উল্লেখ যে, শিপ্ৰা ৰয় লংকা বিজেপি মহিলা মৰ্চা লংকা টাউন মণ্ডলৰ সভানেত্রী ।
লগতে পঢ়ক : সৰিয়হৰ ডুলিতে ভূত : ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত গৃহৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.