Revised voters list published: হোজাই, ৰঙিয়াতো প্ৰকাশ চুড়ান্ত ভোটাৰ তালিকা

author img

By

Published : Jan 7, 2022, 9:57 AM IST

Revised voters list published

প্ৰকাশ হ’ল ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ ২০২২ বর্ষৰ চুড়ান্ত ভোটাৰ তালিকা (Final photo electoral rolls published in Assam)৷ প্ৰতিখন জিলাৰ জিলা প্ৰশাসন তথা নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ভোটাৰ তালিকা৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে হোজাই, ৰঙিয়াতো বৃহস্পতিবাৰে প্ৰকাশ কৰা হ'ল ২০২২ বর্ষৰ চুড়ান্ত ভোটাৰ তালিকা ৷

হোজাই/ৰঙিয়া, 7 জানুৱাৰী: হোজাই জিলাৰ অধীনস্থ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৯০ নং যমুনামুখ, ৯১ নং হোজাই আৰু ৯২ নং লামডিং বিধান সভা সমষ্টিৰ ২০২২ বর্ষৰ চূড়ান্ত ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয় (Final photo electoral rolls published in Assam) । এই উপলক্ষে বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এখন সংবাদ মেলত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অনুপম চৌধুৰীয়ে উল্লেখ কৰে, ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত সম্পন্ন হোৱা এই চূড়ান্ত ভোটাৰ তালিকাত হোজাই নিৰ্বাচনী জিলাত সন্নিৱিষ্ট মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭০৪৯৩২ গৰাকী । ইয়াৰে ৩,৬০,১৬৩ গৰাকী পুৰুষ, ৩,৪৪,৭৫৯ গৰাকী মহিলা আৰু ১০ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

Revised voters list published
হোজাই, ৰঙিয়াতো প্ৰকাশ চুড়ান্ত ভোটাৰ তালিকা

সমষ্টি অনুসৰি ৯০ নং যমুনামুখ সমষ্টিত পুৰুষ ভোটাৰ ১,১৫,৬৪০, মহিলা ভোটাৰ ১,০৯,২৮২ আৰু তৃতীয় লিংগৰ ৪ গৰাকীকে ধৰি মুঠ ভোটাৰ হৈছে ২,২৪,৯২৬ গৰাকী । ৯১ নং হোজাই সমষ্টিৰ পুৰুষ ভোটাৰ ১,৩৫,৬৭২, মহিলা ভোটাৰ ১,৩০,৬১১ আৰু তৃতীয় লিংগৰ ৪ গৰাকীকে ধৰি মুঠ ভোটাৰৰ সংখ্যা ২,৬৬,২৮৭ গৰাকী ।

একেধৰণে ৯২ নং লামডিং বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ ১,০৮,৮৫১, মহিলা ভোটাৰ ১,০৪,৮৬৬ আৰু তৃতীয় লিংগৰ ২ গৰাকীকে ধৰি মুঠ ভোটাৰৰ সংখ্যা ২,১৩,৭১৯ গৰাকী ।

সংবাদ মেলত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অনুপম চৌধুৰীয়ে উল্লেখ কৰে যে, নিৰ্বাচন আয়োগৰ বিধি অনুসৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পিছতো জিলাখনৰ কোনো যোগ্য ভোটাৰৰ নাম কোনো কাৰণত যদি এই চূড়ান্ত তালিকাত সন্নিৱিষ্ট হোৱা নাই, তেন্তে সেই সকলে চিন্তিত হ'ব নালাগে ৷ যিহেতু ভোটাৰ তালিকাত নামভৰ্তিৰ বাবে নিয়মীয়া সংশোধনী প্ৰক্ৰিয়া অব্যাহত থাকিব (final photo electoral rolls in respect of special summary revision) । উক্ত সংবাদ মেলখনত নিৰ্বাচনী বিষয়া জাংমিৰ ৰংফাৰপীও উপস্থিত থাকে ।

একেধৰণে ৰঙিয়াতো বৃহস্পতিবাৰে প্ৰকাশ কৰা হ'ল ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ লগতে ৫৬ নং কমলপুৰ বিধান সভা সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকা (Revised voter list published in Assam)৷ ৰঙিয়া মহকুমাধিপতীৰ কাৰ্য‍ালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে এই কথা সদৰী কৰিলে ৰঙিয়াৰ মহকুমাধিপতী স্বপ্নীল পালে । ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা সংবাদ মেলখন সম্বোধন কৰি মহকুমাধিপতী গৰাকীয়ে কয় যে ১/১/২২ তাৰিখৰ পূৰ্বে ১৮ বছৰ বয়স হোৱা যিসকলে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ আবেদন কৰিছে , তেওঁলোক সকলোৰে নাম সন্নিবিষ্ট কৰা হৈছে এইখন তালিকাত ।

Revised voters list published
হোজাই, ৰঙিয়াতো প্ৰকাশ চুড়ান্ত ভোটাৰ তালিকা

পৌৰসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ কৰা নতুন তালিকা অনুসৰি ৫৬ নং কমলপুৰ সমষ্টিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা ১,৮০,৩১৬ গৰাকী । যাৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯১,২৭২ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৮৯,০৪৪ গৰাকী । সমষ্টিটোত ভোটাৰ তালিকা অনুসৰি পুৰুষ আৰু মহিলাৰ অনুপাত হৈছে প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৭৫ গৰাকী মহিলা ।

আনহাতে ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৯৬,৯৬৯ গৰাকী । যাৰ ভিতৰত ৯৯,৩১১ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৯৭,৬৫৮ গৰাকী । সমষ্টিটোত ভোটাৰ তালিকা অনুসৰি পুৰুষ আৰু মহিলাৰ অনুপাত হৈছে প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৮৩ গৰাকী মহিলা । দুয়োটা সমষ্টি মিলাই মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩,৭৭,২৮৫ গৰাকী । উক্ত সভাখনত জিলা মুখ্য নিৰ্বাচনী বিষয়াৰ লগতে জনসংযোগ বিষয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে ।

লগতে পঢ়ক : Revised Voter List of Assam : সংশোধনী ভোটাৰ তালিকাত বৃদ্ধি পালে ভোটাৰৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.