বৰ্তমান যুগত মানুহে বাণিজ্যৰ বাহিৰে একো কথা বুজি নাপায় : দিগন্ত বিশ্ব শৰ্মা

author img

By

Published : Dec 28, 2021, 8:35 PM IST

Diganta bishwa Sarma on capitalism in society

লামডিং মহাবিদ্যালয়ত আয়োজিত এখন আলোচনা চক্ৰত ভাগ লৈ দিগন্ত বিশ্ব শৰ্মাই ক’লে, বৰ্তমান যুগত মানুহে বাণিজ্যৰ বাহিৰে একো কথা বুজি নাপায় । লগতে ভাষণ প্ৰসংগত সাহিত্য অকাডেমীৰ অনুবাদক বঁটা বিজয়ী গৰাকীয়ে ক’লে, ৰাজনৈতিক নেতাই নহয় বণিয়াই বিশ্ব নিয়ন্ত্ৰণ কৰাৰ কথা ৷

হোজাই, 28 ডিচেম্বৰ : লামডিং মহাবিদ্যালয় উদ্যোগত আৰু আই কিউ এ চি, ভেল্যু এডুকেশ্যন সমিতিৰ সহযোগত লামডিং মহাবিদ্যালয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । এই আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকে সাহিত্য একাডেমীৰ অনুবাদক বঁটা বিজয়ী দিগন্ত বিশ্ব শৰ্মা (Sahitya Academy award winner Diganta Bishwa Sarma) । 'শিক্ষাৰ প্ৰকৃত লক্ষ্য : স্বামী বিবেকানন্দ, অৰবিন্দৰ পৰা ইউনেস্কলৈ’ শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰি শৰ্মাই কয় যে ''আনন্দৰ পৰাই জগত বৰ্তি আছে । সেয়ে আনন্দই আমাৰ একমাত্ৰ লক্ষ্য হোৱা উচিত ।’'

তেওঁ লগতে কয় যে, '' এই সমাজতান্ত্ৰিক শিল্প জগতত এজন ব্যক্তিৰ সকলো কাম কৰাৰ বাবে যিমান শিক্ষাৰ প্ৰয়োজন, আধুনিক মানুহে শিক্ষাত সিমানখিনিহে মূল্য প্ৰদান কৰে ।’' ভাষণ প্ৰসংগত তেওঁ ঋষি অৰবিন্দ, স্বামী বিবেকানন্দ আদিৰ মন্তব্যৰ উদ্ধৃতিৰে কয় যে, ''বৰ্তমান যুগটো বাণিজ্যতান্ত্ৰিক যুগ । বৰ্তমান যুগত মানুহে বাণিজ্যৰ বাহিৰে একো কথা বুজি নাপায় । এই বাণিজ্যতান্ত্ৰিক যুগটোক আমেৰিকা অথবা ৰাছিয়াৰ ৰাষ্ট্ৰপতি নাইবা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিয়ন্ত্ৰণ কৰা নাই । নিয়ন্ত্ৰণ কৰিছে তিনিটা শ্ৰেণীৰ লোকে । সেই শ্ৰেণী তিনিটা হৈছে বৈভৱশালী ধনপতি সকল, অতিকায় সফল পুঁজিপতি আৰু শিল্পপতি সকল ।''

তেও কয়, '' বাণিজ্যতান্ত্ৰিক যুগৰ এই তিনিটা শ্ৰেণী হৈছে অতিমানৱ । এই তিনি শ্ৰেণীৰ লোকেই হৈছে বাণিজ্যতান্ত্ৰিক যুগৰ অদৃশ্য শাসক(Diganta Bishwa Sarma on capitalism) । সেয়ে বৰ্তমান সময়ত বহু মানুহৰ এটাই লক্ষ্য, কেনেদৰে আম্বানী আৰু আদানীৰ ওচৰত নিজকে এজন ভাল দাস ৰূপে প্ৰতিষ্ঠিত কৰিব পাৰো। আমাৰ মাজত এনে কোনো আকাংক্ষা নাই যে, আমি আম্বানী-আদানীৰ দৰে গঢ়ি তুলিব পাৰো ।''

আলোচনা চক্ৰত তেওঁ মহাযোগীৰ কথা উল্লেখ কৰি কয় যে, যদি প্ৰকৃত জ্ঞান থাকে তেন্তে কৰ্ম সংস্থাপন লাভ কৰিবই । লগতে তেওঁ কয়, '' মই বিজ্ঞানৰ ছাত্র আছিলো । পৰিবহণ বিভাগত চাকৰি কৰিছিলো । কিন্তু বৰ্তমান মোৰ জীৱনৰ অংগ হৈছে ভাৰতীয় সংস্কৃতি, ভাৰতীয় আধ্যাত্মিকতা, জাতীয়তাবাদ, শিক্ষা বিজ্ঞান ।’ সাহিত্য একাডেমীৰ অনুবাদক বঁটা বিজয়ী গৰাকীয়ে ক’লে, সুদীৰ্ঘ ৪৫ বছৰ মই বক্তৃতা দিছো । এটা সময়ত বক্তৃতা মোৰ প্ৰবৃত্তি আছিল । আজি কিন্তু বক্তৃতা মোৰ প্ৰবৃত্তি নহয় । বৰ্তমান বক্তৃতা মোৰ সাধনাৰ অংশ । মোৰ কোনো পাণ্ডিত্যও নাই । হৃদয়ত মোৰ শ্ৰদ্ধা আছে।’'
উল্লেখযোগ্য যে সোমবাৰে সভাখনত মাইবং মহাবিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি হাজৰিকা, লামডিং মহাবিদ্যালয়ৰ অধ্যক্ষ মৃণাল কান্তি দাসকে ধৰি লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আদি ব্যক্তিসকল উপস্থিত আছিল ।

লগতে পঢ়ক : Shortage of doctors, nurses in District Hospital : ৪৫ শতাংশ চিকিৎসক আৰু ৫০ শতাংশ নাৰ্ছৰ অভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.