Covid vaccination for teens : হোজাইত কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান

author img

By

Published : Jan 8, 2022, 2:25 PM IST

covid-vaccination-for-15-18-years-group-at-hojai

সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো পূৰ্ণগতিত চলিছে 15 ৰ পৰা 18 বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান (Covid Vaccination for teenagers at Hojai) ৷ জিলা খনৰ 302 খন বিদ্যালয়ৰ প্ৰায় 30 হেজাৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব এই ক'ভিড প্ৰতিষেধক ।

হোজাই, 8 জানুৱাৰী : ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে । দিনক দিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা (Covid cases increase in Assam) । বিশেষকৈ পহিলা জানুৱাৰীৰ পৰা সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ।

যাৰ ফলত ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধনতা ল’বলৈ বিচাৰ নাই । তাৰবাবে বিগত 3 জানুৱাৰীৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰা হ'ল 15 ৰ পৰা 18 বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান (Covid vaccination for 15-18 years group in Assam starts ) ।

হোজাইত কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান

2007 চনৰ 31 ডিচেম্বৰ বা তাৰ পূৰ্বে জন্ম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীয়ে গ্ৰহণ পাৰিব এই প্ৰতিষেধক । সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাটো পূৰ্ণগতিত চলি আছে ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী (Covid Vaccination for teenagers at Hojai) ৷

ৰাজ্য চৰকাৰৰ নিৰ্দশমৰ্মে 3 তাৰিখৰ পৰা 9 জানুৱাৰীলৈ হোজাই জিলাৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ 15ৰ পৰা 18 বছৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা হৈছে এই ক'ভিড প্ৰতিষেধক ৷ জানিব পৰা মতে, জিলাখনৰ 302 খন বিদ্যালয়ৰ প্ৰায় 30 হেজাৰ ছাত্ৰ ছাত্ৰীক এই ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

আনহাতে, 3 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই বিশেষ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অংশ ৰূপে জিলা প্ৰশাসন আৰু হোজাই স্বাস্থ্য বিভাগে জিলা খনৰ 15 বিদ্যালয়ৰ প্ৰায় 4,500 ছাত্ৰ-ছাত্ৰীক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক : Puri Jagannath Temple to remain closed : কৰ’ণাৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.