হোজাইত উদযাপন ড° ভূপেন হাজৰিকাৰ 95 সংখ্যক জন্মজয়ন্তী

author img

By

Published : Sep 9, 2021, 7:47 AM IST

bhupen hazarikas 95th birthday celebration

হোজাইত উদযাপন ড৹ ভূপেন হাজৰিকাৰ 95 সংখ্যক জন্মজয়ন্তী ৷ যাযাবৰী শিল্পীগৰাকীৰ জন্মদিনটোৰ লগত সংগতি ৰাখি ‘সমন্বয়’ আৰু ‘সংহতি’ নামেৰে দুটাকৈ বঁটা প্ৰদান কৰা হয় ৷

হোজাই, 9 ছেপ্তেম্বৰ : ৰাজ্যজুৰি বুধবাৰে উদযাপন কৰা হয় ড৹ ভূপেন হাজৰিকাৰ 95 সংখ্যক জন্মজয়ন্তী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাইৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যেগত উদযাপন কৰা হয় সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন ৷ জন্মদিনটোৰ লগত সংগতি ৰাখি ‘সমন্বয়’ আৰু ‘সংহতি’ নামেৰে দুটাকৈ বঁটা প্ৰদান কৰে শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই ।

bhupen hazarikas 95th birthday celebration
হোজাইত উদযাপন ড° ভূপেন হাজৰিকাৰ 95সংখ্যক জন্মজয়ন্তী

এই অনুষ্ঠানত যাযাবৰী শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত ৯৫ গছি বন্তি প্ৰজ্বলন কৰে ৷ লগতে মহান শিল্পীজনৰ কালজয়ী গীত পৰিৱেশনৰ মাজেৰে শিল্পীগৰাকীক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন হয় । অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম ।

লগতে পঢ়ক: 'কলং কলা কেন্দ্ৰ' ত সংৰক্ষিত হৈ আছে ড৹ ভূপেন হাজৰিকা স্মৃতি বিজড়িত বহু কেইপদ সমল

ইপিনে, মানুহৰ হকে গীত গাই বিশ্বজয়ী কৰা বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ ৯৫ সংখ্যক জন্মদিনটোৰ পৰাই হোজাই জিলাত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই প্ৰৱৰ্তন কৰা দুটাকৈ বঁটা ক্ৰমে 'সমন্বয়' আৰু 'সংহতি' বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।

bhupen hazarikas 95th birthday celebration
ড° ভূপেন হাজৰিকাৰ 95সংখ্যক জন্মজয়ন্তী

জিলাখনৰ নজৰুল ইছলাম আৰু তিলোত্তমা দেৱীক উপায়ুক্ত অনুপম চৌধুৰীৰ হাতেৰে প্ৰদান কৰা হয় বঁটাসমূহ ৷ যাযাবৰী শিল্পীগৰাকীৰ নামত প্ৰদান কৰা এই বঁটাত আগবঢ়োৱা হয় এখন প্ৰশস্তি পত্ৰ, স্মাৰক, অংগবস্ত্ৰ, সঁফুৰা আদি ৷ আনহাতে, অনুষ্ঠানটোত আমন্ত্ৰিত শিল্পী ভূপেন দাসৰ লগতে স্থানীয় বহু ন-পুৰণি শিল্পীয়ে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ৷

লগতে পঢ়ক: ৰাজ্যজুৰি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিন পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.