Bhogali Mela in Hojai : গ্ৰামীণ জীৱিকা মিছনৰ অধীনত ডবকাত তিনিদিনীয়া অসমী ভোগালী মেলা

author img

By

Published : Dec 30, 2021, 9:48 AM IST

bhogali-mela-organize-in-hojai

ভোগালী বিহুৰ প্ৰস্তুতিত ব্যস্ত ৰাজ্যবাসী (Preparations for the Bhogali Bihu in Assam)। ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ভোগালী মেলা । হোজাইত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে 'অসমী ভোগালী মেলা' (Bhogali Mela in Hojai) ৷

হোজাই, 30 ডিচেম্বৰ : মাঘ বিহুলৈ মাজত মাত্ৰ এটা মাহ বাকী ৷ ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে ভোগালীক আদৰাৰ প্ৰস্তুতি (Preparations for Bhogali Bihu) ৷ ভোগালী বিহুৰ লগত সংগতি ৰাখি হোজাইৰ ডবকাত আৰম্ভ হৈছে তিনিদিনীয়া অসমী ভোগালী মেলা (Bhogali Mela in Hojai) ৷ গ্ৰামীণ জীৱিকা মিছনৰ অধীনত বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংমাজী পঞ্চায়তৰ মদাৰতলিত আয়োজিত এই মেলাত ৫০ টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷

গাঁৱৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ মানসেৰে চৰকাৰে আৰম্ভ কৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ অধীনত বুধবাৰৰ পৰা আৰম্ভ হোৱা এই ভোগালী মেলাত 50 টা আত্মসহায়ক গোটৰ ফালৰ পৰা প্ৰায় 33 খন বিপণী খোলা হৈছে ।

হোজাইত 'অসমী ভোগালী মেলা'ৰ আয়োজন

প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি এই তিনিদিনীয়া ভোগালী মেলাৰ প্ৰৱেশদ্বাৰ মুকলি আৰু পতাকা উত্তোলন কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গকুল কুমাৰ ব্ৰহ্মই ৷ এই অনুষ্ঠানত উপস্থিত থাকি বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীয়ে আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী আৰু মজুত কৰি ৰখাৰ বাবে এখন স্থায়ী বিপণী মুকলি কৰে ৷

এই ভোগালী মেলাত অসমী গ্ৰামীণ এক্সপ্ৰেছ আঁচনিৰ জৰিয়তে এগৰাকী হিতাধিকাৰীলৈ এখন টেম্প গাড়ী প্ৰদান কৰা হয় ৷ মদাৰতলিত মুকলি কৰা এই মেলাৰ বিপণীত বিন্নাকান্দি উন্নয়ন খণ্ডৰ জৰিয়তে জীৱিকা মিচন আঁচনিত পঞ্জীভুক্ত মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে অনা হয় ৷

উল্লেখ্য যে, গ্ৰামীণ জীৱিকা মিছনৰ অধীনত থকা মহিলা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰী বজাৰৰ লগতে অনলাইনযোগে বিক্ৰীৰো ব্যৱস্থা হাতত লোৱা হৈছে ৷

মেলাত উপস্থিত থাকি ডিপিএম শান্তনু গগৈয়ে অসমী যোজনাৰ সকলো বস্তু ফ্লিপকাৰ্টৰ জৰিয়তে অনলাইন বিক্ৰীৰ ব্যৱস্থা লোৱা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৷ বুধবাৰে আয়োজিত অসমী ভোগালী মেলাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে আঞ্চলিক পঞ্চায়তৰ সভাপতি ফৰিজ আহমেদ লস্কৰ, বিপিএম কংকন শৰ্মা, চাংমাজী পঞ্চায়তৰ সভানেত্ৰী মিনাক্ষী বাগলাৰী, জয়ভদ্ৰ মেচ সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷ 31 ডিচেম্বৰত সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে এই মেলাৰ সমাৰণি পৰিব ৷

লগতে পঢ়ক : দুলীয়াজানত অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.