ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনিক লৈ আমছুৰ প্ৰতিবাদ

author img

By

Published : Sep 20, 2021, 2:30 PM IST

AAMSU protest at Hojai

হোজাই জিলাত কৃষি বিভাগে বিগত দুমাহ ধৰি ইউৰিয়া সাৰ যোগান নিদিয়াৰ অভিযোগ আমছুৰ । আনহাতে, একাংশ অসাধু চক্ৰই ক’লা বজাৰত তিনিগুণ দৰত বিক্ৰী কৰিছে ইউৰিয়া সাৰ ৷

হোজাই, 20 ছেপ্টেম্বৰ : হোজাই জিলাত ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনিক লৈ সোমবাৰে আমছুৰ নেতা-কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে কৃষিমন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, কৃষকক সাৰৰ যোগান দিব নোৱাৰা কৃষিমন্ত্ৰী গ’ বেক আদি শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ।

ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনিক লৈ হোজাইত আমছুৰ প্ৰতিবাদ

ডবকা চহৰৰ মাজমজিয়াত প্ৰায় শতাধিক আমছু কর্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় । উল্লেখ্য যে, হোজাই জিলাত কৃষি বিভাগে বিগত দুমাহ ধৰি ইউৰিয়া সাৰ যোগান নিদিয়াৰ অভিযোগ কৰে আমছু নেতৃত্বই ।

যাৰ বাবে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষক ৰাইজে ইউৰিয়া সাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । আমছুৰ নেতা-কৰ্মীসকলে জিলাখনত ইউৰিয়া সাৰৰ নাটনি দেখুৱাই একাংশ অসাধু চক্ৰই ক’লা বজাৰত তিনিগুণ দৰত মজুত কৰি ৰখা ইউৰিয়া সাৰ বিক্ৰী কৰাৰ অভিযোগ কৰে ।

তেওঁলোকে শীঘ্ৰে হোজাই জিলাত ইউৰিয়া সাৰ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিলৈ আমছু নেতা মনোৱাৰ হুছেইন আৰু কবিৰ আহমদ লস্কৰে চৰকাৰৰ ওচৰত দাবী জনায় । প্ৰতিবাদকাৰীসকলে ইউৰিয়া সাৰৰ নাটনি সন্দৰ্ভত ডবকা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে কৃষিমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : আমগুৰিত চৰহা পোকৰ তাণ্ডৱত বিনষ্ট শস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.