লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ নগাঁৱৰ এজন শিক্ষক

author img

By

Published : Sep 18, 2022, 7:28 PM IST

A teacher found unconscious at Lumding Lanka highway

দেওবাৰে ৰহস্যজনকভাৱে লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (Teacher found senseless at Lumding Lanka highway) এটা কেঁকুৰিত অচেতন অৱস্থাত উদ্ধাৰ নগাঁৱৰ ফুলগুৰিৰ এজন শিক্ষক ৷ অৱশ্যে কেনেকৈ শিক্ষকগৰাকী নিৰুদ্দেশ হৈ অচেতন অৱস্থাত লামডিঙত উদ্ধাৰ হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ: লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ নগাঁও ফুলগুৰিৰ এজন শিক্ষক ৷ শনিবাৰে শহুৰেকৰ ঘৰলৈ গৈ থকা অৱস্থাত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল শিক্ষকজন (Teacher found senseless at Lumding Lanka highway) ৷

পৰিয়ালৰ লোকে জনোৱা মতে, শনিবাৰে সন্ধিয়া কামপুৰৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ (Kameswar Barthakur Mv Middle School) শিক্ষক তাপসজ্যোতি মেধিয়ে ৰহাৰ ফুলগুৰি পূৱ শালমৰাৰ নিজ ঘৰৰ পৰা পাথৰিৰ শহুৰেকৰ ঘৰলৈ গৈ থকা অৱস্থাত নিখোজ হৈছিল । শিক্ষকগৰাকীয়ে এখন চাৰিচকীয়া বাহনেৰে গৈছিল শহুৰেকৰ ঘৰলৈ ।

লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ নগাঁৱৰ এজন শিক্ষক

কিন্তু কিছু সময়ৰ পিছতে পৰিয়ালৰ লোকৰ লগত যোগাযোগ বিচ্ছিন্ন হৈছিল শিক্ষকগৰাকীৰ ৷ দেওবাৰে পুৱা পৰিয়ালৰ লোকে শিক্ষকজন নিখোজ হোৱাৰ সন্দৰ্ভত ৰহা থানাত এজাহাৰ দাখিল কৰে ৷

তাৰ পিছতেই ৰহস্যজনকভাৱে লামডিং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (Lumding Lanka highway) এটা কেঁকুৰিত নিজ বাহনৰ ভিতৰত অচেতন অৱস্থাত লামডিং আৰক্ষীয়ে উদ্ধাৰ কৰে শিক্ষকগৰাকীক ৷

তৎক্ষাণিকভাৱে শিক্ষকগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে লামডিঙ আৰক্ষীয়ে । পৰৱৰ্তী সময়ত নগাঁও আৰক্ষী আৰু তাপসজ্যোতি মেধিৰ পৰিয়ালৰ লোক লামডিঙত উপস্থিত হৈ শিক্ষকগৰাকীক নগাঁৱলৈ লৈ যায় ৷ অৱশ্যে কেনেকৈ শিক্ষকগৰাকী নিৰুদ্দেশ হৈ অচেতন অৱস্থাত লামডিঙত উদ্ধাৰ হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক: অসম আৰক্ষীৰ নিযুক্তিয়ে বহুতৰে ঘৰত তুলিছে আনন্দৰ লহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.