হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 1

author img

By

Published : Mar 22, 2021, 12:39 PM IST

Updated : Mar 22, 2021, 1:20 PM IST

tragic road accident in hailakandi 1 died 4 severely injured

হাইলাকান্দিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে এখন অল্ট’ বাহনে ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে এজন লোক, আহত হৈছে আন চাৰিজন ৷

হাইলাকান্দি, 22 মাৰ্চ: হাইলাকান্দিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে এখন অল্ট’ বাহনে ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে এজন লোক ৷ আনহাতে উক্ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে ৪ জন লোক । হাইলাকান্দিৰ জানকি বজাৰৰ ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷

tragic road accident in hailakandi 1 died 4 severely injured
হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনা

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শিলচৰৰ পৰা হাইলাকান্দি অভিমুখে আহি থকা ML 04 B 8395 নম্বৰ অল্টো বাহনে দ্ৰুত গতিত জানকি বজাৰত ৰখাই থোৱা AS 01 FC 5864 নম্বৰৰ এখন ট্ৰাকত খুন্দা মাৰে । যাৰ ফলতে থিতাতে মৃত্যু হয় অল্ট’ত থকা এজন লোকৰ । লগতে গুৰুতৰভাৱে আহত হয় বাহনখনত থকা আন চাৰিজন লোক । মৃত লোকজন বিষ্ণু অধিকাৰী হিচাপে চিনাক্ত কৰা হৈছে । আহত লোক কেইজন হৈছে সুভৰ দাস চৌধুৰী, বিপ্লব দাস, অশোক সিনহা, মলাই দাস ।

মৃত লোক জনক মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ আনহাতে আহত কেইজনক হাইলাকান্দি সন্তোষ কুমাৰ ৰায় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু লোক কেইজনৰ অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: কৰিমগঞ্জত নিৰ্বাচনী হিংসা

Last Updated :Mar 22, 2021, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.