5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Aug 21, 2022, 5:02 PM IST

top-10-at-5pm

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

ৰাজ্য়ত এমাহতেই জাপানীজ এনকেফেলাইটিছত মৃত্য়ু ৭৭ গৰাকীৰ

ৰাজ্যৰ ৯ খন চিকিৎসা মহাবিদ্যালয় আৰু দহখন জিলা চিকিৎসালয়ত ৰোগীক চিকিৎসা প্রদানৰ ব্যৱস্থা । ১৫ৰ পৰা ৬৫ বছৰৰ লোকক প্রতিষেধক প্রদানৰ ব্যৱস্থা । ৰাজ্যখনত এনকেফেলাইটিছ সদৃশ ৰোগতো(Encephalitis like disease)আক্ৰান্ত হৈছে সহস্রাধিক লোক ।

এইবাৰ গুৱাহাটীত পানী যোগান ধৰাৰ অদ্ভূত পৰিকল্পনা GMC ৰ

গুৱাহাটীবাসীক খোৱাপানী যোগানত ব্যৰ্থ বিভাগীয় মন্ত্ৰী অশোক সিংঘাল আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই খোৱাপানী যোগানৰ এক অদ্ভূত পৰিকল্পনা হাতত হৈছে । গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত পৌৰ নিগমৰ বহুৱাব একোটাকৈ ডীপ টিউবৱেল অৰ্থাৎ গভীৰ নলীনাদ । ৬০ টা ৱাৰ্ডত গভীৰ নলীনাদ বহুৱাৰ নামত ৩৬ কোটি টকা খৰচ কৰাৰ পৰিকল্পনা । প্ৰতিটো ৱাৰ্ডৰ বৰিঙৰ নামত চৰকাৰৰ ৰাজকোষৰ পৰা ব্যয় কৰিব ৬০ লাখকৈ টকা ।

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰ্তব্যৰত গৃহৰক্ষী জোৱান

মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Suicide case in Morigaon) ৷ থ্ৰী নট থ্ৰী ৰাইফলৰে মূৰত গুলীয়াই আত্মহত্যা কৰে কৰ্তব্যৰত গৃহৰক্ষী জোৱান ৰন্টু মেধিয়ে (Home guard suicide in Morigaon SP Office) ৷ দেওবাৰে দুপৰীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে কোনো নথকাৰ সুযোগ লৈ এই ঘটনা সংঘটিত কৰে জোৱানজনে (Crime news in Morigaon) ৷ বৰ্তমানলৈ জোৱানজনৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷

হত্যাৰ অভিযুক্তক প্ৰেমিকাৰ সৈতে লজত থকাৰ অনুমতি দিলে আৰক্ষীয়ে

কৰ্ণাটক আৰক্ষীৰ কৰ্মকাণ্ডই লজ্জানত কৰিছে সচেতন মহলক । হত্যাৰ অভিযুক্তক আৰক্ষীয়ে প্ৰেমিকাৰ সৈতে লজত থকাৰ অনুমতি দিলে (Police allowed murder accused to stay with girlfriend)। আৰক্ষীৰ জিম্মাত থকা অপৰাধীক কেনেকৈ লজত থকাৰ অনুমতি দিলে ? ইয়াক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া । হত্যাৰ অভিযুক্তজনক চোৰাংচোৱা শাখাই নিজৰ জিম্মাত লৈছে আৰু বল্লাৰী আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

ৰঙিয়াৰ পৰীক্ষা কেন্দ্ৰত আৰক্ষী সঞ্চালক প্ৰধান

ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা (Assam Direct Recruitment 2022)। নিযুক্তি পৰীক্ষাত যাতে কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয় তাৰ বাবে এইবাৰ অসম আৰক্ষী আৰু প্ৰশাসন অধিক কঠোৰ হৈছে । আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও এইক্ষেত্ৰত কঠোৰ হ'বলৈ নিৰ্দেশনা জাৰি কৰিছে । দেওবাৰে নিযুক্তি পৰীক্ষা চলি থকাৰ মাজতে ৰঙিয়া ফাতিমা কনভেণ্টত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (Assam DGP visits exam center at Rangia)।

উন্নয়নৰ সংজ্ঞাই ঢুকি নোপোৱা এখন গাঁও

উন্নয়নৰ পোহৰে ঢুকি নোপোৱা এখন গাঁও ৷ ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং মিৰি টাক গাঁৱৰ দৃশ্য এয়া (Villagers in Jonai deprived of govt schemes)৷

প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে পাঞ্জাৱত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা

সন্ত্ৰাসবাদীৰ টাৰ্গেট পাঞ্জাৱ । প্ৰধানমন্ত্ৰীৰ মোহালি ভ্ৰমণৰ পূৰ্বে ৰাজ্যখনত হাই এলাৰ্ট জাৰি (Terror alert in Punjab)। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই এই সন্দৰ্ভত পাঞ্জাৱ আৰক্ষীক তথ্য দিছে । সন্ত্ৰাসবাদীৰ লক্ষ্য কেইবাগৰাকী নেতা আৰু বিষয়া ।

পাকিস্তানত বান তথা বৰষুণত 36 জনৰ মৃত্যু

পাকিস্তানত প্ৰকৃতিৰ ৰুষ্ট ৰূপ ৷ যোৱা ২৪ ঘণ্টাত ধাৰাসাৰ বাৰিষাৰ ফলত হোৱা বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু অন্যান্য বৰষুণৰ ঘটনাত কমেও ৩৬ জন লোক নিহত হোৱাৰ উপৰিও (36 killed in rain spells across Pakistan) ১৪৫ গৰাকী লোক আহত হয় ৷

এক মিনিটতে লুঙীমেনে কিদৰে চুৰি কৰি লৈ গ’ল বলেৰ’

বহু কষ্টৰ অন্তত লক্ষ্যত উপনীত হ’ল এটা চোৰ (Bolero theft in Jharkhand)৷ বহুবাৰ চেষ্টা কৰি বিফল হৈছিল যদিও একাগ্ৰতাৰ লগতে শাৰীৰিক শ্ৰমৰ বিনিময়ত সৰকাবলৈ সক্ষম হ’ল এখন বলেৰ' বাহন ৷ শনিবাৰে নিশা চোৰটোৱে বলেৰ' চুৰিৰ বাবে চলোৱা সফল অভিযানৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ’ল চিচি টিভি কেমেৰাত(CCTV footage of thief) ৷

ডিফুত তুলিৰাম ৰংহাঙৰ জীৱনৰ কৰ্মৰাজীৰ গ্ৰন্থ উন্মোচন

কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ কৰ্মৰাজীক সামৰি ডিফুৰ বিশিষ্ট সাংবাদিক ভৱেন বৰুৱাৰ সম্পাদনাত আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লুণছিং টেৰণৰ পৰিকল্পনাত প্ৰকাশ পোৱা 'কৰ্মযোগী ড৹ তুলিৰাম ৰংহাঙ' শীৰ্ষক এখন গ্ৰন্থৰ শুভ উন্মোচন কৰা হয় (Book on Tuliram Ranghang released) ৷ শনিবাৰে ডিফুৰ মুখ্য কাৰ্যবাহী সদস্যৰ চৰকাৰী আৱাসত এক বিশেষ অনুষ্ঠানত গ্ৰন্থখনৰ শুভ উন্মোচন কৰে মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.