5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 31, 2022, 5:02 PM IST

TOP 10 AT 5PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

IPS Sujoy Lal Thaosen: অসম সন্তান সুজয় লাল থাউচেনক ITBPৰ সঞ্চালক প্ৰধানৰ দ্বায়িত্ব

ITBPৰ সঞ্চালক প্ৰধান পদত অধিস্থিত হ’ল অসম সন্তান ড৹ সুজয় লাল থাউচেন (IPS Sujoy Lal Thaosen)৷ সশস্ত্ৰ সীমা বল (SSB)ৰ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা ড৹ সুজয় লাল থাউচেনক অতিৰিক্তভাৱে প্ৰদান কৰা হৈছে এই দায়িত্ব ৷

Sherman Ali on Jihadi Arrest: জেহাদীৰ নামত আটক কৰা নিৰ্দোষীৰ হিচাপ লাগে শ্বেৰমান আলিক

জেহাদীৰ নামত আটক কৰা কিমান সংখ্যকক আদলতে নিৰ্দোষী প্ৰমাণিত কৰিলে তাৰ হিচাপ উলিওৱাৰ দ্বায়িত্ব শ্বেৰমানে আলিয়ে দিলে সংবাদ মাধ্যমক(Sherman Ali on Jihadi Arrest) ৷ জেহাদীৰ প্ৰকৃত অৰ্থক বিকৃত কৰা বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে বিগত ১০ বছৰত জেহাদীয়ে সংঘটিত কৰা কৰা এটা কূটাঘাটৰ তথ্য সদৰি কৰিবলৈ দাবী জনায় ৷

NIA and ATS in Surat: চুৰাটত এনআইএই-এটিএছৰ অভিযানত ধৃত এক

চুৰাটত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(NIA)আৰু সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে(ATS)দেওবাৰে পুৱাতেই এজন অভিয়ুক্তক গ্ৰেপ্তাৰৰ বাবে অভিযান চলায় । অভিযানকাৰী দলটোৱে দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকাৰ পাছত আইছিছৰ সৈতে জড়িত থকাৰ আভিযোগত এজন যুবকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

First Monkeypox patient cured in India: মাংকিপক্সৰ পৰা আৰোগ্য লাভ ভাৰতৰ প্ৰথমগৰাকী ৰোগীৰ

মাংকিপক্সৰ পৰা আৰোগ্য লাভ কৰে ভাৰতৰ প্ৰথমগৰাকী ৰোগীয়ে (India's first Monkeypox patient cured )৷ এই ৰোগীজন কেৰেলাত আক্ৰান্ত হোৱা প্ৰথমগৰাকী ৰোগী আছিল বুলি জানিব পৰা গৈছে (First Monkeypox patient cured in India)৷

Road Accident at Borhat: ঐতিহাসিক ধোদৰ আলিত পথ দুৰ্ঘটনাত ২৫ গৰাকী মহিলা আহত

চৰাইদেউৰ বৰহাটৰ ঐতিহাসিক ধোদৰ আলিত ভয়ংকৰ পথ দূৰ্ঘটনা(Road accident in Charaideo) । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২৫গৰাকীকৈ মহিলা(25 women injured in road accident) । তীব্ৰ বেগী টাটা এচি বাগৰি পৰাৰ ফলতে সংঘটিত হয় পথ দুৰ্ঘটনাটো ।

Moral policing in Lumding: নিশা লামডিঙত কোনে চলালে গুণ্ডাগিৰি ?

লামডিঙত উত্তপ্ত পৰিস্থিতি (Tense situation in Lamding)৷ দেওবাৰে মাজনিশা লামডিঙৰ ইটাভাটি চাৰি আলিত 40-50 জনীয়া দুৰ্বৃত্তৰ দলে ঘৰে ঘৰে শুই থকা লোকসকলক উঠাই আনে ৷ তাৰ পিছতে সেই স্থানত থকা দোকানসমূহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে উপস্থিত থকা মহিলা, পুৰুষকো বিনা কাৰণত প্ৰহাৰ কৰে (Moral policing in Lumding)৷

Tripura Deputy Chief Minister Jishnu Dev Varma: ত্ৰিপুৰাত ক্ষুদ্ৰ সৌৰশক্তি যোগানত গুৰুত্ব

ত্ৰিপুৰাত চৰকাৰে শীঘ্ৰেই ৰাজ্যখনৰ ৮০খন পিছপৰা গাৱঁক ক্ষুদ্ৰ সৌৰশক্তি যোগান ধৰিব বুলি ঘোষণা কৰিছে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই(Tripura Deputy Chief Minister Jishnu Dev Varma comment on micro solar system)।এইদৰে ঘোষণা কৰি কয় যে ইয়াৰ বাবে চৰকাৰে ৮০ কোটি টকা ব্যয় কৰিব।

Maan ki Baat : গণ আন্দোলনৰ ৰূপ লৈছে আজাদী কা অমৃত মহোৎসৱে : প্ৰধানমন্ত্ৰী মোডী

আজাদী কী অমৃত মহোৎসৱত (Azadi Ka Amrit Mahotsav) দেশবাসীয়ে ব্যাপকভাৱে অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । তেওঁৰ মতে গণ আন্দোলনলৈ পৰিণত হৈছে আজাদী কা অমৃত মহোৎসৱ । হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে দেশবাসীক আহ্বান ।

CWG 2022 : ভাৰতলৈ ৰূপৰ পদক আনিলে মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে

কমনৱেলথ গেমছত ভাৰতৰ বিন্দিয়াৰাণীয়ে আজুৰি আনিলে ৰূপৰ পদক (India's 2nd silver in 2022 edition of the Commonwealth Games) ৷ ৫৫ কিলোগ্ৰাম মহিলা ভাৰোত্তোলনত মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে লাভ কৰিছে এই ৰূপৰ পদক (Bindyarani Devi won silver)৷

Commonwealth Games 2022: কমনৱেলথ গেমছত আজি মেডেল লাভ যুঁজত নামিব অসমৰ পপী হাজৰিকা

বাৰ্মিংহাম কমনৱেলথ গেমছত অসমৰ ভাৰোত্তোলক পপী হাজৰিকা(Popy Hazarika selected for Commonwealth game) । এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ সাতগৰাকীকৈ খেলুৱৈৰ ভিতৰত শিৱসাগৰৰ আমগুৰিৰ ভাৰোত্তোলক পপী হাজৰিকা অন্যতম ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.