1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 2, 2022, 1:11 PM IST

top-10-at-1pm

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Jonai mob lynching case: গোলাপ বৰুৱাৰ গণহত্যাত জড়িত থকাৰ সন্দেহত আৰু এজনক আটক

সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে জোনাই গণহত্যা কাণ্ডই (Jonai Mob lynching) ৷ বৃহস্পতিবাৰে এই অমানৱীয় ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজন লোকক সোধা-পোচাৰ বাবে আটক কৰাৰ (Two arrested in Jonai Mob lynching) পিছতে শুকুৰবাৰে আৰু এজনক আটক কৰা হয় (One more arrested in Jonai Mob lynching) ৷

আজি গোৱালপাৰাৰ এখন মাদ্ৰাছাত চলিব উচ্ছেদ

মাদ্ৰাছাত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ বৰপেটা, বঙাইগাঁও জিলাৰ পিছত এইবাৰ গোৱালপাৰাৰ এখন মাদ্ৰাছাত চলিব উচ্ছেদ (Eviction drive in Jehadi madrasa) ৷ জানিব পৰা মতে আজি গোৱালপাৰা পাখিউৰা চৰ মাদ্ৰাছাত চলিব উচ্ছেদ অভিযান ৷ যোৱা ২০ আগষ্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনকৈ বাংলাদেশী জেহাদী ৷ জেহাদী দুজন ক্ৰমে আব্দুছ সুবাহান আৰু জালাল উদ্দীন ৷ দিৰ্ঘদিনৰে পৰা শিক্ষকৰূপে মাদ্ৰাখনত থাকি চলাই গৈছিল জেহাদী কাৰ্যকলাপ ৷

বিশিষ্ট লেখক সমাজ বিজ্ঞানী ড৹ প্ৰফুল্ল মহন্তৰ দেহাৱসান

বিশিষ্ট লেখক, গৱেষক ড৹ প্ৰফুল্ল মহন্তৰ দেহাৱসান (Renowned writer socialist dr Prafulla Mahanta passed away) ৷ পুৱতি নিশা 2.50 বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে লেখকগৰাকীয়ে ৷

অধ্যাপিকা ৰুমী কাকতিৰ মৃত্যুৰ তদন্ত বিচাৰি স্মাৰক পত্ৰ প্ৰদান

প্ৰসংগ নলবাৰীৰ শুশ্ৰূষা হস্পিটেলত অধ্যাপিকাৰ মৃত্যু (Professor died at Nalbari Sushrusha Hospital) । মৃত্যুক সহজভাৱে ল'ব পৰা নাই বিশ্ববিদ্যালয়খনৰ শিক্ষক সমাজে । অধ্যাপিকা ৰুমী কাকতিৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ স্মাৰক-পত্ৰ প্ৰদান (Professor Rumi Kakati death case in Nalbari)।

কাৰ্বি আংলঙত পাহাৰীয়া নৈত বিপদ সংকুল যাতায়াত

কাৰ্বি পাহাৰত খৰস্ৰোতা নদীৰ পানী ফালি পাহাৰীয়া ৰাইজৰ বিপদ সংকুল যাত্ৰা । পাহাৰীয়া জিলাৰ পথ-যোগাযোগৰ দুৰৱস্থা (poor road communication in Karbi Anglong) । চুছেন ধেণ্টা পৰিষদীয় সমষ্টিৰ যাতায়াত ব‍্যৱস্থাৰ পুতৌলগা অৱস্থা (Poor transportation system in Karbi Anglong) ।

সাৰদা কেলেংকাৰি গোচৰ সন্দৰ্ভত অংকিতা দত্তৰ প্ৰতিক্ৰিয়া

টা পুৰণি গোচৰৰ সন্দৰ্ভত CBI ৰ আদালতে জাৰি কৰা চমন প্ৰসংগত শুকুৰবাৰে মুখ খুলিলে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই (APYCC President Ankita Dutta reaction)। সাৰদা কেলেংকাৰিৰ এক পুৰণি গোচৰ সন্দৰ্ভত যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত থকা অংকিতা দত্তলৈ জাৰি কৰা হৈছিল এই চমন । চমন অনুসৰি ৩ ছেপ্টেম্বৰত CBI ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে দত্তক ।

গুজৰাটৰ আৰাৱল্লীৰ পথ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু

গুজৰাটৰ আৰাৱল্লী জিলাৰ মালপুৰৰ সমীপত মৰ্মান্তিক পথ দুৰ্ঘটনা (Gujarat tragic accident)। থিতাতে মৃত্যু ৬ জন লোকৰ । অম্বাজী মন্দিৰলৈ গৈ থকা অৱস্থাতে যাত্ৰীবাহী বাহনখন দুৰ্ঘটনাগ্ৰস্ত । মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ ।

হালোৱাটিঙত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

ৰাজ্যৰ ভিন্ন প্ৰান্তত শুকুৰবাৰৰ দিনটোত চাহ শ্ৰমিকসকলে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে (Tea worker protest)। শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙ চাহ বাগিছাতো অসম চাহ মজদুৰ সংঘৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (ACMS protest at Sivasagar)। বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংঘৰ কৰ্মী লগতে শ্ৰমিকসকলে । বাগিছাত কৰ্মৰত উপ-কৰ্মচাৰীসকলৰ ভ্ৰমণ বানচ সংশোধন কৰা, দৰমহা বৃদ্ধিকে ধৰি পৰ্যাপ্ত বোনাচ প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী আৰু শ্ৰমিকসকলে (Tea worker demand)।

শীঘ্ৰেই আৰম্ভ হ’ব শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ উৎপাদনৰ কাম

দূৰ্গা পূজাৰ পাছতে আৰম্ভ হ'ব শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ উৎপাদনৰ কাম (Second unit of Assam Cooperative Cotton Mill) ৷ অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰি এই কথা সদৰি কৰিলে ৰাজ্যৰ সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷ আজি শিলঘাটৰ অসম সমবায় মৰাপাট কলত উপস্থিত হৈ কলটোৰ দ্বিতীয়টো ইউনিটৰ কাম-কাজৰ বুজ ললে মন্ত্ৰীগৰাকীয়ে (Minister Nandita Garlosa)।

ন্যায্য প্ৰাপ্তিৰ দাবীত ধলাগুৰি চাহ বগিছাত শ্ৰমিকৰ প্ৰতিবাদ

নুমলীগড়ৰ ধলাগুৰি চাহ বাগিছাত উত্তাল প্ৰতিবাদ (Protest at Dolaguri tea estate)। অসম চাহ মজদুৰ সংঘ ধলাগুৰি শাখাৰ উদ্যোগত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বাগিছাখনৰ শ্ৰমিকসকলে ৷ চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে উপ-কৰ্মচাৰী আৰু শ্ৰমিকসকলে (Tea worker protest at Numaligarh)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.