11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 26, 2022, 11:18 AM IST

TOP 10 AT 11AM

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Kargil Vijay Diwas 2022: দেশজুৰি পালন কাৰ্গিল বিজয় দিৱস

প্ৰতিবছৰে ২৬ জুলাইৰ দিনটো দেশজুৰি কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয় (Kargil Vijay Diwas in India)। এই দিনটোতে ভাৰতীয় সেনাই শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সেনাৰ বিৰুদ্ধে "অপাৰেচন বিজয়"ৰ সফল সমাপ্তি ঘোষণা কৰে । শ্ৰীনগৰস্থিত কাৰ্গিল যুদ্ধ স্মাৰকত ব্যাপকভাৱে দিৱসৰ পালন কৰা হৈছে ।

Management in Ordnance Services: দেশৰ সামৰিক-অৰ্ধসামৰিক বাহিনীৰ প্ৰয়োজনীয়তা পূৰণত ব্যৰ্থ ডিফেন্স অৰ্ডনেন্স ডিপো

ডিফেন্স অৰ্ডনেন্স ডিপোসমূহে ষ্ট’ৰসমূহৰ পৰা অস্ত্ৰ-শস্ত্ৰ, বস্ত্ৰ, গোলা-বাৰুদ আৰু অন্যান্য সামগ্ৰীৰ বাবে কৰা অনুৰোধৰ বিপৰীতে ভাৰতীয় সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত ব্যৰ্থ হৈছে (Defence Ordnance depots are failing to cater to needs of Indian military)।

Lovlina Tweet Against Boxing Federation: মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছে লাভনীনা বৰগোঁহাই!

বস্কিং ফেডাৰেছনে পদে পদে হাৰাশাস্তি কৰিছে লাভলীনাক বৰগোঁহাইক ৷ ভাৰতীয় বক্সিং সন্থাৰ বিৰুদ্ধে লাভলীনাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে টুইটাৰযোগে (Lovlina Tweet Against Boxing Federation) ৷

Police seized assets of cow mafia: ধুবুৰীৰ গো মাফিয়াৰ কোটি টকীয়া সম্পত্তি জব্দ

ৰাজ্যত অবাধে চলি আছে গৰুৰ অবৈধ সৰবৰাহ (Illegal cattle smuggling in Assam) । ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ পশুধনৰ চোৰাং কাৰবাৰ বৰ্তমানেও চলাই গৈছে সৰবৰাহকাৰীয়ে । ইয়াৰ মাজতে এইবাৰ ধুবুৰীত আৰক্ষীৰ জালত পৰিল কুখ্যাত গো মাফিয়া । জব্দ কৰা হ'ল গো মাফিয়া কোটিটকীয়া সম্পত্তি (Police seized assets of cow mafia) ।

Riniki Bhuya Sharma defamation case: মণীষ ছিচোদিয়াৰ বিৰুদ্ধে মান হানি গোচৰত স্থগিতাদেশ

আম আদমি পাৰ্টীৰ ৰাজ্যিক কার্যালয়ত সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত (Aam Aadmi Party press conference) এই কথা প্রকাশ কৰে আপ অসমৰৰ আইনী কোষৰ সমন্বয়ক আৰু যুটীয়া সমন্বয়ক ক্ৰমে নাৰায়ণ দত্ত ভূঞা আৰু আলাউদ্দিন আহমেদ আৰু দলৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই । আজিৰ শুনানিকালত পদকীয়া আৰু গোচৰীয়া দুয়োপক্ষৰ অধিবক্তা উপস্থিত থাকে ।

Automobile theft gang in Manikpur: খেদি খেদি ৰাইজে কৰায়ত্ব কৰিলে ই-ৰিক্সা চোৰক

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লুংঝাৰত দেওবাৰে নিশা চুৰি হৈছিল এখন ই-ৰিক্সা । লগে লগে স্থানীয় ৰাইজে খেদি খেদি ই-ৰিক্সাসহ কাশেম আলী নামৰ এজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিওঁ মোমেন আলী নামৰ আনজন জোৰে ৰাইজক আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে । পৰৱৰ্তী সময়ত ৰাইজে ই-ৰিক্সাসহ কাশেম আলীক গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীত গতাই দিয়ে ।

Murder in Madhya Pradesh : পিতৃক হত্যাৰ বাবে পুত্ৰই অনলাইনযোগে আনিলে হত্যাকাৰী

মধ্যপ্ৰদেশৰ এক হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে (Sensational murder in Madhya Pradesh)। সম্পত্তিৰ লোভত চৰম সীমা অতিক্ৰম কৰিলে এজন পুত্ৰই । নিজৰ পিতৃকে হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিলে দানৱৰূপী পুত্ৰই । আনকি পিতৃক হত্যাৰ বাবে অনলাইনত হত্যাকাৰীও ভাড়ালৈ পুত্ৰই । অৱশেষত হত্যাকাৰী আৰু হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা পুত্ৰ সোমাল ৰঙাঘৰত ।

Medicine price hike : দৰবৰ পুনৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধাইছে সৰ্বসাধাৰণক

দৰবৰ মূল্য ১০.৭৭ শতাংশ বৃদ্ধি কৰা হৈছে যদিও ভালেকেইটা দৰবৰ মূল্য ১২-১৪ শতাংশৰপৰা ২০ শতাংশ পর্যন্ত বৃদ্ধি কৰা হৈছে । আনকি কোনোটো দৰবৰ মূল্য যোৱা তিনি মাহত দুবাৰকৈ বৃদ্ধি কৰা হৈছে (Medicine price hike) ।

Sattriya dance workshop: গুৰুজনাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস

টিংখাঙত মাহমৰা থুলাই অৰুণোদয় যুৱ সমাজৰ উদ্যোগত তথা মাহমৰা বিহু কৰ্মশালা সমিতি আৰু বৃহত্তৰ মাহমৰাবাসী ৰাইজৰ সহযোগত গ্ৰীষ্মকালীন বন্ধ উপলক্ষে অনুষ্ঠিত কৰা ১৪ দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি(Sattriya dance workshop in Tingkhong) ৷ গুৰুজনাৰ সৃষ্টি সত্ৰীয়া নৃত্যৰ লয়লাসেৰে মুখৰিত টিংখাঙৰ আদৰ্শ বিদ্যাপীঠ ৷

Report on damages of flood: হোজাইত বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ চূড়ান্ত তালিকা দাখিল

অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰৰ তিনিগৰাকী উচ্চপদস্থ বিষয়াৰ নেতৃত্বত গঠন কৰি দিয়া চিকিৎসককে ধৰি স্বাস্থ্যবিভাগৰ বিষয়া আৰু কৰ্মচাৰীৰ ষাঠি জনীয়া দল এটাই হোজাই, ডবকা আৰু লংকা তিনিওটা ৰাজহচক্ৰৰে প্ৰতিটো বাসগৃহতে অনুসন্ধান কৰি চূড়ান্ত তালিকা প্ৰস্তুত কৰি সোমবাৰে প্ৰতিবেদন দাখিল কৰে (Report on damages of flood) । এই পৰ্যালোচনা সভাত স্বাস্থ্যবিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.