পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 11, 2022, 11:12 AM IST

Top 10 At 11 AM

পুৱা 11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Firing in Jammu Kashmir: কাশ্মীৰত গুলীয়াগুলীত তিনি সেনা জোৱান শ্বহীদ, নিহত দুই সন্ত্ৰাসবাদী

ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ বেৰ পাৰ হ’বলৈ চেষ্টা কৰিছিল কোনো লোকে । তেতিয়াই সংঘটিত হয় গুলীচালনাৰ ঘটনা (Firing in Jammu Kashmir)।

Har Ghar Tiranga Abhiyan: বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সাংবাদিকক জাতীয় পতাকা উপহাৰ মুখ্যমন্ত্ৰীৰ

প্ৰাক্তন সাংসদ নাৰায়ণ বৰকটকী, বিশিষ্ট সাংবাদিক যদু কাকতি আৰু প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ বাসগৃহত ৰাজ্যৰ মুখ্যমন্ত্ৰী (Har Ghar Tiranga Abhiyan) । শৰণীয়াস্থিত কস্তুৰবাগান্ধী আশ্ৰম আৱাসীসকলক হস্ততাঁতেৰে নিৰ্মিত জাতীয় পতাকা উপহাৰ । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ আহ্বান মুখ্যমন্ত্ৰীৰ

Dhemaji Munna Bhai MBBS: ডাঃ বিজু বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত প্ৰতিবাদ

ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভুৱা চিকিৎসকৰ কাণ্ডৰ লগত জড়িত চিকিৎসক বিজু বৰুৱা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰতিকৃতি দাহ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ (Fraud doctor in Dhemaji)৷ কেইদিনমান পূৰ্বে পোহৰলৈ আহিছিল চিকিৎসালয়খনত চলি থকা এই ভয়ংকৰ কাণ্ড ৷

Mukesh khanna controversy: নাৰীৰ শাৰীৰিক সম্ভোগৰ প্ৰয়োজনীয়তাক লৈ বিতৰ্কিত মন্তব্য মুকেশ খান্নাৰ

বিতৰ্কত সোমাই পৰিছে ‘শক্তিমান’ খ্যাত মুকেশ খান্না ৷ এগৰাকী ছোৱালী বা নাৰীৰ শাৰীৰিক সম্ভোগৰ প্ৰয়োজনীয়তাক নিকৃষ্ট মন্তব্যৰে সাঙুৰি এতিয়া নেটিজেনৰ ৰোষত পৰিছে মুকেশ খান্না ৷ ছ’চিয়েল মিডিয়াত কটু মন্তব্যৰে থকা-সৰকা কৰিছে অভিনেতাজনক ৷ কিনো ক’লে মুকেশ খান্নাই জানো আহকচোন-

SI Joonmoni in court: অহা 9 ছেপ্টেম্বৰৰ পৰা বিচাৰ চলিব ৰাণা-জোনমণিৰ

বুধবাৰে মাজুলী আদালত হাজিৰ ৰাণা পগাগ আৰু জোনমনি ৰাভা । জামিন লাভৰ পাছত প্ৰথমবাৰৰ বাবে দুয়োজনকে একেলগে দেখা গ'ল মাজুলীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত (SI Joonmoni in Majuli CJM court) ।

Demand for Provincialization: বিটিআৰ চুক্তিৰ ৬.৩ নম্বৰ দফা কাৰ্যকৰীকৰণৰ দাবী 14 টাকৈ সংগঠনৰ

কোকৰাঝাৰৰ অসম সাহিত্য সভা ভৱনত বিদ্যালয় প্ৰাদেশিকীকৰণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । শৰৎকালীন অধিবেশনৰ পূৰ্বে বিটিআৰত থকা অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণৰ নকৰিলে গুৱাহাটীত আমৰণ অনশন কাৰ্যসূচীৰ হুংকাৰ।

Samujjal Kumar Bhattacharya on Jihadi : জেহাদী-মৌলবাদীক ৰক্ষণাবেক্ষণ দিছে অবৈধ বাংলাদেশীয়ে !

মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য অভিনন্দন অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত থাকি আছুৰ মুুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অবৈধ বাংলাদেশীয়ে অল কায়দা, জেহাদী আৰু মৌলবাদীক ৰক্ষণাবেক্ষণ দিছে বুলি উল্লেখ কৰে ৷

Severely polluted rivers in Assam:ভয়াবহ প্ৰদূষণৰ কৱলত ৰাজ্যৰ ৪৪ টা নদী-জলাশয়

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে(Central Pollution Control Board) ৪ বছৰ পূৰ্বে চিনাক্ত কৰা ৪৪ টা প্ৰদূষিত নদী আৰু জলাশয়(Polluted rivers and waterland in Assam)আজিলৈকে প্ৰদূষণমুক্ত কৰাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

Assam Mizoram border dispute: হিমন্ত বিশ্ব শৰ্মাক দিল্লীত লগ কৰিবলৈ আগ্ৰহী জোৰামথাংগা

জোৰামথাংগাক সাক্ষাৎ অসমৰ দুই মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালৰ (Assam ministers meet Mizoram CM) ৷ আগষ্ট মাহৰ ভিতৰত দিল্লীত অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰাৰ বাবে জোৰামথাংগাই ইচ্ছা প্ৰকাশ কৰাৰ কথা ক’লে অতুল বৰাই ৷ অসমৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালেও অতি শীঘ্ৰেই সীমা সমস্যা সমাধান হ’ব বুলি আশা ব্যক্ত কৰিছে ৷

Shilpa Shetty Age: এক্সন দৃশ্যগ্ৰহণৰ সময়ত আহত শিল্পা শেট্টী

শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ বাওঁ ভৰি ভাঙিল বলীউডৰ অভিনেত্ৰী শিল্পা শেট্টীৰ । সবিশেষ জানক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.