হাইলাকান্দিত শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Feb 25, 2021, 4:29 PM IST

হাইলাকান্দিত শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে হাইলাকান্দিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থকা সদ্য প্ৰাদেশিকৃত বিদ্যালয়সূহ আন বিদ্যালয়ৰ সৈতে সংযুক্ত কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত জিলা শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিলে সংগঠনটোৰ কৰ্মকৰ্তাই ।

হাইলাকান্দি, ২৫ ফেব্ৰুৱাৰী: শেহতীয়াকৈ শিক্ষা বিভাগে বহু শিক্ষকক প্ৰাদেশিকীকৰণ কৰাৰ লগতে সিদ্ধান্ত লৈছে যে, যিবোৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম, সেই বিদ্যালয়সমূহ বন্ধ কৰি আন বিদ্যালয়ৰ সৈতে সংযুক্ত কৰা হ'ব । ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে হাইলাকান্দিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৱে জিলা শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত বাতিলৰ দাবী জনায় ।

দক্ষিণ হাইলাকান্দিৰ ই বি ছি মাদাৰ টেৰেছা এম ই এম ইনষ্টিটিউট স্থানান্তৰ কৰা সিদ্ধান্তৰো বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে । অসম চৰাকাৰ হায়, জিলা শিক্ষা বিভাগ মুৰ্দাবাদ, বিদ্যালয় স্থানান্তৰ কৰা কাৰ্য নচলিব আদি শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

চৰকাৰে শীঘ্ৰে এই সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । তেওঁলোকৰ দাবী অতি সোনকালে এই চৰকাৰ এই সিদ্ধান্ত বন্ধ কৰিব লাগে অন্যতা আৰু বৃহত্তৰ আন্দোলন গড়ি তুলা হব বুলি হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক:চাহ শ্ৰমিকৰ মজুৰি বাঢ়িল মাত্ৰ ৫০ টকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.