হাইলাকান্দিত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে লক্ষাধিক টকা

author img

By

Published : Mar 14, 2021, 3:42 PM IST

হাইলাকান্দিত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে লক্ষাধিক টকা

নিৰ্বাচনৰ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়তে হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১.৫০ লাখ টকা । দেওবাৰে হাইলাকান্দিৰ লালা অঞ্চলত স্থানীয় আৰক্ষীৰ সহযোগত ফ্লায়িং স্কোৱাডে তালাচী চলাই থকাৰ সময়তে এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰে এই টকাখিনি ৷

হাইলাকান্দিত,14 মাৰ্চ: নিৰ্বাচনৰ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়তে হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১.৫০ লাখ টকা । দেওবাৰে হাইলাকান্দি জিলাৰ লালা অঞ্চলত স্থানীয় আৰক্ষীৰ সহযোগত ফ্লায়িং স্কোৱাডে তালাচী চলাই থকাৰ সময়তে এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰে এই টকাখিনি ৷

বনদ্বীপ দাস নামৰ এজন ব্যক্তিয়ে কাটলিছেড়াৰ পৰা বদৰপুৰৰ নিজ গৃহাভিমুখে গৈ থকা অৱস্থাত অভিযানকাৰী দলটোৱে জব্দ কৰে টকাখিনি ৷ বৰ্তমানলৈকে টকাখিনি কি কাৰণত ব্যক্তিজনে লৈ আহিছিল জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: অগপৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.