হাইলাকান্দিত ৰে’লপথ অৱৰোধ

author img

By

Published : Feb 25, 2021, 7:26 AM IST

rail roko protest by kmss in hailakandi

গ্ৰামীণ পথৰ ৰে’ল ক্ৰচিং পুনৰ আৰম্ভ কৰাৰ দাবীৰে হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ সংগঠনটোৰ কাৰ্যকৰ্তাৰ নেতৃত্বত ৰে’লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ ৷ ৰে’ল বিভাগে ৰাজেশ্বৰপুৰ-চন্দ্ৰপুৰ সংযোগী পথচোৱা বন্ধ কৰি দিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ শীঘ্ৰে ৰে’ল ক্ৰচিং আৰম্ভ কৰি পথটোৰে যাতায়াতৰ ব্যৱস্থা কৰি দিয়াৰ দাবী ৷

হাইলাকান্দি,25 ফেব্ৰুৱাৰী: ৰে'লৱে ক্ৰচিং বন্ধ কৰি ৰে’ল বিভাগে হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ-চন্দ্ৰপুৰ অঞ্চলৰ এটা গ্ৰামীণ পথ বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে চন্দ্ৰপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ সংগঠনটোৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদত অংশগ্ৰহণ কৰে স্থানীয় ৰাইজে ৷

rail roko protest by kmss in hailakandi
ৰে’ল বিভাগে ৰাজেশ্বৰপুৰ-চন্দ্ৰপুৰ সংযোগী পথচোৱা বন্ধ কৰাৰ অভিযোগ

ৰে'ল ৰোকো আন্দোলন শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে ৰে’লপথ অৱৰোধ কৰি শীঘ্ৰে জিলাখনৰ ৰাজেশ্বৰপুৰ-চন্দ্ৰপুৰ সংযোগী পথচোৱাৰ মাজৰ ৰে’লৱে ক্ৰচিং ব্যৱস্থা পুনৰ আৰম্ভ কৰি যাতায়াতৰ ব্যৱস্থা কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰে ৷

প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে যে, ৰাজেশ্বৰপুৰ আৰু চন্দ্ৰপুৰ অঞ্চলৰ এই পথটোৱেই লালা চহৰৰ সৈতে যোগাযোগ কৰাৰ একমাত্ৰ পথ ৷ কিন্তু 2017 চনত ৰে'ল বিভাগে এই পথটোৰে চলাচল বন্ধ কৰি দিয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷ বহুবাৰ দাবী জনাই অহাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত স্থানীয় ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

rail roko protest by kmss in hailakandi
10 দিনৰ ভিতৰত এই পথেৰে যাতায়াতৰ ব্যৱস্থা কৰাৰ দাবী প্ৰতিবাদকাৰীৰ

অসম চৰকাৰ হায় হায়, ৰে'ল বিভাগ মুৰ্দাবাদ, বিধায়ক আনোৱাৰ হুছেইন লস্কৰ মুৰ্দাবাদ, সাংসদ কৃপানাথ মাল্লা মুৰ্দাবাদ আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে ৰে'ল বিভাগৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ লগতে অনাগত 10 দিনৰ ভিতৰত পুনৰ এই পথেৰে যাতায়াত আৰম্ভ কৰাৰ দাবী জনায় ৷

লগতে পঢ়ক: অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.