হাইলাকান্দি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ

author img

By

Published : Mar 5, 2021, 7:14 PM IST

protest-at-hailakandi-district-congress-office-demanding-ticket

হাইলাকান্দি জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত হাইলাকান্দিৰ মধ্য হাইলাকান্দি সমষ্টিত কংগ্ৰেছৰ পৰা এজনক টিকট দিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷ হাইলাকান্দি জিলাত এজনকো কংগ্ৰেছৰ পৰা টিকট প্ৰদান নকৰিলে পদত্যাগ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

হাইলাকান্দি,5 মাৰ্চ: হাইলাকান্দি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰাৰ্থীত্ব কেন্দ্ৰিক উত্তাল প্ৰতিবাদ ৷ হাইলাকান্দি সমষ্টিটোত কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব দিয়াৰ দাবীত শুকুৰবাৰে হাইলাকান্দি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে ৷ কংগ্ৰেছ আৰু এ আই ডি এফৰ মিত্ৰতাৰ পিছত এ আই ইউ ডি এফৰ বিধায়ক থকা সমষ্টিত কংগ্ৰেছে কোনো প্ৰাৰ্থী নিদিয়ে বুলি ঘোষণা কৰাৰ পাছতে হাইলাকান্দি জিলা কংগ্ৰেছ কৰ্মী সকলে আৰম্ভ কৰিছে প্ৰতিবাদ ৷

হাইলাকান্দি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ

হাইলাকান্দি জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত হাইলাকান্দিৰ মধ্য হাইলাকান্দি সমষ্টিত কংগ্ৰেছৰ পৰা এজনক টিকট দিয়াৰ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷ যদিহ হাইলাকান্দি জিলাত এজনকো কংগ্ৰেছৰ পৰা টিকট প্ৰদান নকৰে তেনেহলে জিলাৰ সকলো কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে ৷

লগতে পঢ়কঃবিজেপি কৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.