হাইলাকান্দিত মনোনয়ন পত্ৰ দাখিল এআইডিইউএফ আৰু বিজেপি প্ৰাৰ্থীৰ

author img

By

Published : Mar 11, 2021, 8:44 PM IST

হাইলাকান্দিত মনোনয়ন পত্ৰ দাখিল এআইডিইউএফ আৰু বিজেপি প্ৰাৰ্থীৰ

বৃহস্পতিবাৰে হাইলাকান্দি জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত কাটলিছেড়া সমষ্টিৰ এআইইউডি এফৰ প্ৰাৰ্থী সুজাম উদ্দিন লস্কৰে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ আলগাপুৰ সমষ্টিৰ এআইডিইউএফ-ৰ প্ৰাৰ্থী নিজাম উদ্দিন চৌধুৰীয়ে নিজ গাঁও পাঁচগ্ৰামৰ পৰা এক বিশাল ৰেলী বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷

হাইলাকান্দি,11 মাৰ্চ: প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ মনোনয়ন পত্ৰ দাখিলৰ সময় ইতিমধ্যে সমাপ্ত হৈছে ৷ তাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল কৰা আৰম্ভ কৰিছে দলৰ প্ৰাৰ্থীসকলে ৷ বৃহস্পতিবাৰে হাইলাকান্দিৰ তিনিটা সমষ্টিৰ ভিতৰত কাটলিছেড়া সমষ্টিৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী সুজাম উদ্দিন লস্কৰে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ কাটলিছেড়া সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী সুজাম উদ্দিন লস্কৰে কৃষ্ণপুৰৰ পৰা এক বিশাল ৰেলী বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ৰিটাৰ্ণিং বিষয়া ধ্ৰুবজ্যোতি দেৱৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে ।

হাইলাকান্দিত মনোনয়ন পত্ৰ দাখিল এআইডিইউএফ আৰু বিজেপি প্ৰাৰ্থীৰ

তাৰ পিছত আলগাপুৰ সমষ্টিৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী নিজাম উদ্দিন চৌধুৰীয়ে পাঁচগ্ৰামৰ পৰা এক বিশাল ৰেলী বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰি সমষ্টিৰ তিনিওজন প্ৰাৰ্থীয়ে নিজৰ জয় নিশ্চিত বুলি দাবী কৰে সংবাদ মাধ্যমৰ আগত ।

লগতে পঢ়কঃ মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.