হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তত গ্ৰেনেড বিস্ফোৰণ

author img

By

Published : Oct 30, 2021, 5:35 PM IST

Updated : Oct 30, 2021, 5:42 PM IST

grenade-blast-at-assam-mizoram-border-in-hailakandi

হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৰ সীমান্ত পহৰা চকীৰ সমীপত গ্ৰেনেড বিস্ফোৰণ ৷ বিস্ফোৰণৰ সৈতে জড়িত সন্দেহযুক্ত মিজো আই আৰ বেটেলিয়নৰ এজন জোৱানক আটক ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

শিলচৰ, 30 অক্টোবৰ : হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তত শনিবাৰে পুৱতি নিশা সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ৷ সীমান্ত পহৰা চকীৰ সমীপত সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত মিজো আই আৰ বেটেলিয়নৰ এজন জোৱানক আটক কৰা হৈছে ৷

grenade-blast-at-assam-mizoram-border-in-hailakandi
অসম-মিজোৰাম সীমান্তত গ্ৰেনেড বিস্ফোৰণ

আটকাধীন জোৱানজনৰ নাম বাৰডেন টাংমা বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, অসম-মিজোৰাম সীমান্তৱৰ্তী কচুৰথলত দলং নিৰ্মাণৰো চেষ্টা চলাইছে মিজো দুৰ্বৃত্তই ৷ এই ঘটনাৰ পাচতে সীমান্তত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা গৈছে ৷

লগতে পঢ়ক : খানাপাৰাত উদ্ধাৰ ক্ষত-বিক্ষত মহিলাৰ মৃতদেহৰ অৱশিষ্ট

Last Updated :Oct 30, 2021, 5:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.