Hailakandi firing : হাইলাকান্দিত প্ৰতিবেশীয়ে গুলীয়ালে প্ৰতিবেশীক

author img

By

Published : Apr 8, 2022, 7:44 PM IST

Hailakandi firing

হাইলাকান্দি জিলাৰ বিলাইপুৰ অঞ্চলত গুলীয়াগুলি (Shooting incident in Hailakandi)। প্ৰথমে দুজন ব্যক্তিৰ মাজত কাজিয়া আৰু তাৰ পাছত গুলীচালনা । ঘটনাত আহত এজন লোক । গুলীচালনাত জড়িত ডালিম উদ্দিন লস্কৰক আটক । লগতে উদ্ধাৰ এটা হস্ত নিৰ্মিত বন্দুক ।

হাইলাকান্দি,৮ এপ্ৰিল : হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা (Firing at Hailakandi)। দুই প্ৰতিবেশীৰ মাজৰ কাজিয়াৰ ল'লে চূড়ান্ত ৰূপ । প্ৰতিবেশীৰ গুলীত আহত আন এজন প্ৰতিবেশী ।

Hailakandi firing : হাইলাকান্দিত দুই প্ৰতিবেশীৰ মাজত তীব্ৰ সংঘাত

উল্লেখ্য যে অসম-মিজোৰাম সীমান্তৰ বিলাইপুৰ অঞ্চলৰ পূৰ্ব বালিছেড়া গাওঁত বৃহস্পতিবাৰ নিশা সংগঠিত হৈছে এই ঘটনা । দুই প্ৰতিবেশীৰ মাজত ধনৰ লেনদেন সম্পৰ্কত প্ৰথমে কাজিয়াৰ সূত্ৰপাত হৈছিল । কিন্তু এই কাজিয়াই এনে পৰিস্থিতি পালে যে ডালিম উদ্দিন লস্কৰ নামৰ লোকজনে তেওঁৰে প্ৰতিবেশী মজিবুৰ ৰহমান বড়ভূঞাক লক্ষ্য কৰি গুলীচালনা কৰে ।

গুলীচালনাত আহত হয় মজিবুৰ ৰহমান বড়ভূঞা (One injured in Hailakandi firing)। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত লালা আৰক্ষী উপস্থিত হয় । ভুক্তভোগী মজিবুৰৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে আক্ৰমণকাৰী ডালিম উদ্দিন লস্কৰক আটক কৰিছে । লগতে আৰক্ষীয়ে এটা হস্ত নিৰ্মিত বন্দুকো উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Lala Police seized a handmade gun)।

আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে লগতে ভাৰতীয় দণ্ড বিধি আৰু আৰ্মছ এক্টৰ অধীনত কেইবাটাও ধাৰাত আক্ৰমণকাৰী ডালিম উদ্দিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ইফালে সমগ্ৰ ঘটনাক লৈ বিলাইপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক :ছয় বছৰত ৰাজ্যত সংঘটিত হৈছে ৬,১৯২ টা হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.