আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Feb 26, 2021, 5:07 PM IST

আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

হাইলাকান্দি জিলাৰ আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু । ২০১৬ চনৰ পৰা ২০২১ চনলৈকে আলগাপুৰৰ সমষ্টিত বিধায়ক পুঁজিৰ কামৰ নামত বৃহৎ দুৰ্নীতি তথা লুন্ঠন চলাই অহাৰ অভিযোগ উত্থাপন কৰি হাইলাকান্দি আদালতত গোচৰ ৰুজু ।

হাইলাকান্দি, ২৬ ফেব্ৰুৱাৰী: হাইলাকান্দি জিলাৰ আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু । বিধায়কগৰাকীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন । হাইলাকান্দি জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ১৬১/২০২১ নঙৰ অধীনত গোচৰ ৰুজু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এজেওৱাইচিপিৰ জিলা সভাপতি মিন্নতউল্লা ৰহমানৰ ।

২০১৬ চনৰ পৰা ২০২১ চনলৈকে আলগাপুৰৰ সমষ্টিত বিধায়ক পুঁজিৰ কামৰ নামত বৃহৎ দুৰ্নীতি তথা লুন্ঠন চলাই অহাৰ আভিযোগ বিধায়ক নিজাম উদ্দিনে । এই সন্দৰ্ভত জিলা ন্যায়ালয়ে তদন্তৰ বাবে হাইলাকান্দিৰ জিলাৰ আলগাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰজ্ঞিত শইকীয়াক নিৰ্দেশ প্ৰদান কৰিছে । ইতিমধ্যে ৰঞ্জিত কুমাৰ শইকীয়াই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

ইফালে, এজেওৱাইচিপিৰ জিলা সভাপতি মিন্নতউল্লা ৰহমান আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক কবিৰ উদ্দিন লস্কৰে আলগাপুৰ সমষ্টিৰ বিধায়ক পুঁজিৰ কামৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী তদাৰক শাখাত তদন্ত কৰিবলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ইয়াৰোপৰি, বিধানসভাৰ উপাধক্ষলৈও স্মাৰক পত্ৰ প্ৰেৰণ কৰি উচিত তদন্তৰ দাবী জনায় । আৰক্ষীৰ তদন্তত কি কি তথ্য পোহৰলৈ আহে সেয়াহে লক্ষণীয় বিষয় হ'ব ।

লগতে পঢ়ক:মাজুলীৰ বাবে এটা ভয়ংকৰ খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.