প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত : উত্তপ্ত হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়

author img

By

Published : Mar 8, 2021, 9:31 PM IST

টিকটকেন্দ্ৰিক সংঘাত

প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতৰ ফলত হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ 10 কোটিৰ বিনিময়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই হাইলাকান্দি সমষ্টিক এআইডিইউএফৰ হাতত বিক্ৰি কৰি দিয়াৰ অভিযোগ কংগ্ৰেছ কৰ্মীৰ ৷ কংগ্ৰেছ দলৰ কোনো শীৰ্ষ নেতা কৰ্মীক কংগ্ৰেছ ভৱনত প্ৰৱেশ কৰিব নিদিয়াৰ হুংকাৰ ৷

হাইলাকান্দি, 8 মাৰ্চ: ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত এতিয়া প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতৰ ফলত বিভিন্ন ঠাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ দৃশ্য প্ৰায় সুলভ হৈ পৰিছে ৷ সোমবাৰে প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাতৰ ফলতে হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ 10 কোটিৰ বিনিময়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই হাইলাকান্দি সমষ্টিক এআইডিইউএফৰ হাতত বিক্ৰি কৰি দিয়া বুলি অভিযোগ উত্থাপন কৰি সোমবাৰে কংগ্ৰেছ কৰ্মী সকলে হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়ত শীৰ্ষ নেতা কৰ্মী সকলৰ বেনাৰ পোষ্টাৰ ইত্যাদি ফালি ক্ষোভৰ প্ৰকাশ ঘটায় ৷

হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতিৰ চকী বাহিৰলৈ উলিয়াই গৌৰৱ গগৈ, ৰিপুন বৰা, জীতেন্দ্ৰ সিঙ আদি শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তেঁওলোকৰ বেনাৰ সমূহ ফালি চিৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে হাইলাকান্দি সমষ্টিক বিক্ৰি কৰাৰ অভিযোগ কৰি কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছ দলৰ কোনো শীৰ্ষ নেতা কৰ্মীক কংগ্ৰেছ ভৱনত প্ৰৱেশ কৰিব নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰে লগতে কংগ্ৰেছৰ ব্লক স্তৰৰ সকলো কাৰ্যালয় এনেদৰে ধ্বংস কৰিব বুলিও ভাবুকি দিয়ে ৷

লগতে পঢ়ক: চাবুৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অজয় ফুকনক বিপুল আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.