আলগাপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

author img

By

Published : Mar 11, 2021, 8:02 AM IST

Updated : Mar 11, 2021, 9:14 AM IST

আলগাপুৰ সমষ্টিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

আলগাপুৰ সমষ্টিত অগপ প্ৰাৰ্থী প্ৰদানক লৈ অসন্তুষ্ট হৈ পৰিছে একাংশ বিজেপি কৰ্মী ৷ বুধবাৰে সমষ্টিটোৰ কাটাখল বিজেপি মণ্ডল কাৰ্যালয়ৰ সম্মূখত অগপৰ পৰিৱৰ্তে বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে ৷

হাইলাকান্দি,11 মাৰ্চ: বিজেপিৰ ভিতৰচ’ৰাত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ শেহতীয়াভাৱে আন আন সমষ্টি সমূহৰ দৰে হাইলাকান্দিতো অগপ-বিজেপিৰ মিত্ৰজোঁটত সংঘটিত হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত ৷ আলগাপুৰ সমষ্টিত অগপৰ প্ৰাৰ্থী প্ৰদানক লৈ অসন্তুষ্ট হৈ পৰিছে একাংশ বিজেপি কৰ্মী ৷ বুধবাৰে সমষ্টিটোৰ কাটাখল বিজেপি মণ্ডল কাৰ্যালয়ৰ সম্মূখত অগপৰ পৰিৱৰ্তে বিজেপি প্ৰাৰ্থী প্ৰদান দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে ৷

আলগাপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

কোনো কাৰণতে মিত্ৰজোঁটৰ প্ৰাৰ্থী আপ্তাব উদ্দিন লস্কৰক সমৰ্থন নকৰে সমষ্টিটোৰ কৰ্মী সকলে ৷ ইফালে কৰিমগঞ্জ জিলাৰ মুন স্বৰ্ণকাৰক টিকট প্ৰদানৰ চৰ্চা চলিছে যদিও বাহিৰা জিলাৰ প্ৰাৰ্থীও নালাগে প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্মী সকলে ৷ আলগাপুৰ সমষ্টিত এজন স্থানীয় প্ৰাৰ্থীক টিকট প্ৰদানৰ দাবী জনোৱাৰ লগতে ইয়াৰ ওলোটা হ'লে সমুহীয়াভাৱে পদত্যাগ কৰাৰ হুংকাৰ দিছে দলটোৰ বহু জ্যেষ্ঠ সদস্যই।

লগতে পঢ়ক: সমষ্টিবাসীক লৈ আত্মবিশ্বাসী বিধায়ক প্ৰশান্ত ফুকন

Last Updated :Mar 11, 2021, 9:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.