বিজেপি প্ৰাৰ্থী প্ৰদানৰ দাবীত উত্তাল হাইলাকান্দি

author img

By

Published : Mar 7, 2021, 4:30 PM IST

বিজেপি প্ৰাৰ্থী প্ৰদানৰ দাবীত উত্তাল হাইলাকান্দি

সংখ্যালঘু প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত উত্তাল হাইলাকান্দি জিলা কালাছড়া পথ ৷ ইকবাল হুছেইন মজুমদাৰক টিকট প্ৰদান নকৰিলে, হাইলাকান্দি সমষ্টিত বিজেপিয়ে নিজৰ স্থান হেৰুৱাব ৷

হাইলাকান্দি, 7মাৰ্চঃ দেওবাৰে পুৱাই উত্তাল হ’ল হাইলাকান্দি জিলা কালাছড়া পথ ৷ হাইলাকান্দি সমষ্টিত সংখ্যালঘু প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত বিজেপি কৰ্মীসকলে উত্তাল কৰে ৰাজপথত ৷

বিজেপি প্ৰাৰ্থী প্ৰদানৰ দাবীত উত্তাল হাইলাকান্দি

হাইলাকান্দি জিলাৰ মধ্য হাইলাকান্দি সমষ্টিত ইকৱাল হুছেইন মজুমদাৰক টিকেট দিয়াৰ দাবী জনাইছে বিজেপি কৰ্মীসকলে ৷ হাইলাকান্দি সমষ্টিত প্ৰায় ৩৬ হজাৰ সংখ্যালঘু ভোটাৰ থকাৰ বাবে হাইলাকান্দি সমষ্টিত ইকবাল হুছেইন মজুমদাৰক মধ্য হাইলাকান্দি সমষ্টিত টিকেট দিয়াৰ দাবী জনাইছে ৷ যদি এই সমষ্টিত ইকবাল হুছেইন মজুমদাৰক টিকট প্ৰদান নকৰে, তেন্তে এই গুৰুত্বপূৰ্ণ সমষ্টিটোত বিজেপিয়ে নিজৰ স্থান হেৰুৱাব লাগিব বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃ উন্নয়নৰ মুখ নেদেখিলে টিফুক চাহ বাগিচাবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.