হাইলাকান্দিত বিজেপি প্ৰাৰ্থী মিলন দাসৰ নিৰ্বাচনী ৰেলী

author img

By

Published : Mar 10, 2021, 8:23 PM IST

bjp-candidate-milon-das-election-rally

অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি মিলন দাসক হাইলাকান্দিৰ দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা বিজেপিৰ ৷ বুধবাৰে নিৰ্বাচনী ৰেলী আৰম্ভ কৰিছে বিজেপি প্ৰাৰ্থী দাসে ৷

হাইলাকান্দি,10 মাৰ্চ: দীৰ্ঘদিনৰ জল্পন‍া-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিজেপিয়ে হাইলাকান্দি বিধানসভা সমষ্টিৰ বাবে ঘোষণা কৰিলে দলীয় প্ৰাৰ্থীৰ নাম । অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি মিলন দাসক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে বিজেপিয়ে ।

bjp-candidate-milon-das-election-rally
বিজেপি প্ৰাৰ্থী মিলন দাসৰ নিৰ্বাচনী ৰেলী

বুধবাৰে দলীয় টিকট ঘোষণা হোৱাৰ পাচত জিলাখনৰ বিজেপি কৰ্মী-সমৰ্থকসকলৰ মাজত দেখা গৈছে বিপুল উচাহ । ইফালে, দলীয় প্ৰাৰ্থিত্ব লাভ কৰি ১৯৯১ চনৰ পুনৰাবৃত্তি হ’ব অৰ্থাৎ মধ্য হাইলাকান্দি সমষ্টিটো পুনৰ বিজেপিৰ দখলত আহিব বুলি দাবী কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷

লগতে পঢ়ক: তিতাবৰৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি হেমন্ত কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.