কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিখোজ অসমৰ যুৱক

author img

By

Published : Oct 21, 2021, 1:50 PM IST

Updated : Oct 21, 2021, 2:04 PM IST

Assam youth missing after going to outstate for employment

আনাম উদ্দিন লস্কৰে 8 গৰাকী সহযোগীৰ লগত কৰ্ম সংস্থাপন বিচাৰি মহাৰাষ্ট্ৰৰ পুনেলৈ গৈছিল । কিন্তু তেওঁৰ সহযোগীসকল ইতিমধ্যে নিজ নিজ ঘৰলৈ ঘূৰি আহিছে ৷ আনামৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোক ।

নিউজ ডেস্ক, 21 অক্টোবৰ : কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিখোজ হৈছে অসমৰ যুৱক । মহাৰাষ্ট্ৰৰ পুনেলৈ যোৱা হাইলাকান্দিৰ আনাম উদ্দিন লস্কৰ নামৰ যুৱকজন সম্প্ৰতি নিখোজ হৈ আছে । আনামৰ ঘৰ হাইলাকান্দিৰ ৰাজ্যেশ্বেপুৰ দ্বিতীয় খণ্ডত ।

আনাম উদ্দিন লস্কৰক একে গাঁৱৰে কাজল উদ্দিন লস্কৰ নামৰ এজন লোকে কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে তিনিমাহ পূৰ্বে আন আঠগৰাকী যুৱকৰ সৈতে মহাৰাষ্ট্ৰৰ পুনেলৈ লৈ গৈছিল । কিন্তু তিনি মাহৰ অন্তত আনামৰ সহযোগীসকলে নিজ ঘৰলৈ ঘূৰি আহে ৷ ইয়াৰ বিপৰীতে আনাম আজিলৈকে ঘৰলৈ ঘূৰি অহা নাই ।

আনামৰ লগত পৰিয়ালৰ লোকে যোগাযোগৰ চেষ্টা কৰিছে যদিও ব্যৰ্থ হয় । যাৰ বাবে গভীৰ শংকাৰ মাজত দিন অতিবাহিত কৰিছে আনামৰ পৰিয়ালৰ লোকে ৷ এই সন্দৰ্ভত হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছে পৰিয়ালে ।

লগতে পঢ়ক : কণ্ঠশিল্পী দেৱজিত বৰাক 'চলা গ্ৰাম্য অভয়াৰণ্য'ৰ ব্ৰেণ্ড এম্বেছাদৰ ঘোষণা

Last Updated :Oct 21, 2021, 2:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.