পাঁচ বছৰীয়া ভুলৰ ক্ষমা বিচাৰিলে নিজাম উদ্দিন চৌধুৰীয়ে

author img

By

Published : Mar 4, 2021, 12:41 PM IST

aiduf public meeting ahead of 2021 assam assembly election

আবেগভৰা মন্তব্যৰে ৰাইজৰ পৰা ভোট ভিক্ষা কৰিলে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ৷ বিগত পাঁচ বছৰৰ ভুলৰ ক্ষমা বিচাৰি আলগাপুৰ সমষ্টিত তেওঁক পুনৰ জয়ী কৰোৱাৰ আহ্বান চৌধুৰীৰ ৷

হাইলাকান্দি,4 মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা ঘোষণা কৰাৰ লগে লগে প্ৰত্যেক ৰাজনৈতিক দলে আগতকৈ অধিক তৎপৰতাৰে, ন ন কৌশলেৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে ৷ বুধবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে এক বিশাল জনসভা আয়োজন কৰি ৰাইজৰ পৰা ভোট ভিক্ষা কৰে ৷ আলগাপুৰ বজাৰৰ সন্মুখত আয়োজন কৰা জন সভাখনত অংশ লৈ আবেগভৰা মন্তব্যৰে চৌধুৰীয়ে তেওঁক ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনায় ৷

আবেগ ভৰা মন্তব্যৰে ৰাইজৰ পৰা ভোট ভিক্ষা চৌধুৰীৰ

ৰাইজক ভোটদানৰ আহ্বান জনাই বিধায়কগৰাকীয়ে বিগত 5 বছৰে কৰা ভুলৰ বাবেও ক্ষমা বিচাৰে ৷ উল্লেখ্য যে, বিজেপিৰ টিকট প্ৰত্যাশী সুৰজ সেনৰ গাঁৱৰ পৰা প্ৰায় 83 গৰাকী লোকে এআইডিইউএফত যোগদান কৰাকলৈও ৰাজনৈতিক মহলত বিশেষ চৰ্চা চলিছে ৷

কংগ্ৰেছ আৰু এআইডিইউএফে বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে মিত্ৰতাৰে নিৰ্বাচনলৈ সাজু হোৱাৰ পৰিৱৰ্তে ৰাইজৰ দলৰ পৰা হীৰেণ গোঁহাইয়ে পদত্যাগ কৰাৰ ঘটনাই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰৰ দৌৰত আন্তঃৰাষ্ট্ৰীয় আগৰ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.