ডিজেল চুৰি কৰি ৰঙাঘৰৰ আলহী চালক-হেণ্ডিমেন

author img

By

Published : Oct 10, 2021, 12:28 PM IST

Two held for stealing fuel from tankers

দুৰ্নীতিমুক্ত অসম গঢ়াৰ লক্ষ্যৰে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ ড্ৰাগছ, সুৰা আদি নিচাজাতীয় সামগ্ৰীৰ লগতে আন আন অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰক্ষী ৷ শুকুৰবাৰে নিশা বোকাখাত আৰক্ষীয়ে অবৈধভাৱে টেংকাৰৰ পৰা তেল চুৰি কৰা সময়তে আৰক্ষীয়ে আটক কৰে দুজন লোকক ৷

বোকাখাত, 10 অক্টোবৰ : দেশত পে’ট্ৰল আৰু ডিজেলৰ মূল্য আকাশলংঘী হোৱাৰ সময়তে বোকাখাতত টেংকাৰৰ পৰা তেল চুৰি কৰাৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক আটক কৰে ৷ শুকুৰবাৰে নিশা বোকাখাতৰ লতাবাৰীৰ ৰামধেনু পে’ট্ৰল পাম্পৰ পাৰ্কিঙত অবৈধভাৱে টেংকাৰৰ পৰা তেল চুৰি কৰা সময়তে আৰক্ষীয়ে লোক দুজনক আটক কৰে ৷

ডিজেল চুৰি কৰি ৰঙাঘৰৰ আলহী চালক-হেণ্ডিমেন

আৰক্ষীৰ চকুত ধূলি দি তেল পৰিবাহী টেংকাৰৰ মালিকৰ অজ্ঞাতে টেংকাৰৰ পৰা তেল চুৰি কৰা ঘটনা এইয়াই নতুন নহয় ৷ আৰক্ষীয়ে এনে লোকৰ সন্ধানত ইতিমধ্যে অভিযানো অব্যাহত ৰাখিছে ৷ যাৰবাবে শুকুৰবাৰে নিশা গোলাঘাট আৰক্ষীয়ে টেংকাৰৰ পৰা চোৰাংকৈ তেল কাটি থকা অৱস্থাত টেংকাৰসহ চালক আৰু হেণ্ডিমেনক আটক কৰিবলৈ সক্ষম হয় ৷

বোকাখাত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত লতাবাৰীৰ ৰামধেনু পে’ট্ৰল পাম্পৰ পাৰ্কিঙত ডিজেল ভৰ্তি NL 01L 5662 নম্বৰৰ টেংকাৰখনৰ পৰা চোৰাংকৈ ডিজেল কাটি থকা অৱস্থাতে টেংকাৰসহ চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰে । নুমলীগড় শোধানাগাৰৰ পৰা নগাঁৱলৈ তেল কঢ়িয়াই আনি থকা সময়তে চালক আৰু হেণ্ডিমেনজনে বোকাখাতত তেল চুৰ কৰি অবৈধভাৱে বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল ৷ সম্প্ৰতি দুয়োকে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বোকাখাত আৰক্ষীয়ে ।

লগতে পঢ়ক : ৰাজকন্যাৰ গাড়ীৰ খুন্দাত আহত শ্ৰমিকক উপযুক্ত ক্ষতিপূৰণৰ দিয়াৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.