Poisonous mushrooms reaction : বিষাক্ত কাঠফুলাৰ বাবেই নিঠৰুৱা হৈ পৰিল এটি আঠমহীয়া দেৱশিশু

author img

By

Published : Apr 9, 2023, 1:44 PM IST

Three dies after eating poisonous mushrooms

বিষাক্ত কাঠফুলা ভক্ষণ কৰি মেৰাপানীত একেটা পৰিয়ালৰে তিনিজনৰ মৃত্যু ৷ নিঠৰুৱা হৈ পৰিল এটি আঠমহীয়া দেৱশিশু (Three dies after eating poisonous mushrooms in Golaghat) ।

বিষাক্ত কাঠফুলাৰ বাবেই নিঠৰুৱা হৈ পৰিল এটি আঠমহীয়া দেৱশিশু

মেৰাপানী, 9 এপ্ৰিল : গোলাঘাট জিলাৰ মেৰাপানীত শোকাৱহ ঘটনা ৷ কাঠফুলাৰ বাবেই নিঃশেষ হৈ গ'ল মেৰাপানীৰ এটা পৰিয়াল । মেৰাপানীত সংঘটিত হোৱা কাঠফুলাৰ বিষক্ৰিয়া ঘটনাত বৰ্তমানলৈকে মৃত্যু হৈছে একেটা পৰিয়ালৰে তিনিজনকৈ লোক। এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মেৰাপানীত (Dead after consuming poisonous mushrooms)।

দুবছৰীয়া শিশুসহ পিতৃ-মাতৃৰ কৰুণ মৃত্যু ঘটিল গোলাঘাট জিলাৰ মেৰাপানীত । যাৰ ফলত অকলশৰীয়া হৈ পৰিল পৰিয়ালটোৰ এটি আঠমহীয়া দেৱশিশু । উল্লেখ্য যে যোৱা ২ এপ্ৰিলত মেৰাপানী সীমান্তৰ আপাৰ মেৰাপানীৰ কেইবাটাও পৰিয়ালে পাহাৰৰ পৰা বুটলি অনা বনৰীয়া কাঠফুলা খাই আক্ৰান্ত হৈছিল বিষক্ৰিয়াত । ইয়াৰ পাচতে তেওঁলোকক মেৰাপানী, গোলাঘাট আৰু যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচত কেইবাজনো লোক সুস্থ হৈছিল যদিও তাৰ মাজৰে কেইবাজনো লোক সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি হৈ আছিল (Three dies after eating poisonous mushrooms in Golaghat) ।

এই বিষক্ৰিয়াত প্ৰথমে তৰালি বৰ্মন নামৰ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পিচৰ দিনাই মৃত্যু হৈছিল তেওঁৰ স্বামী প্ৰফুল্ল বৰ্মনৰ । কিন্তু ইয়াৰ এটা দিনৰ পাছতে পুনৰ দুৰ্ভগীয়া পৰিয়ালটোৰ দুবছৰীয়া সন্তান হেমন্ত বৰ্মনৰো মৃত্যু ঘটে । কাঠফুলাৰ বিষক্ৰিয়াৰ ফলত এটা পৰিয়াল নিঃশেষ হৈ গ’ল, যদিও নিঠৰুৱা হৈ পৰিল একমাত্ৰ জীৱিত অৱস্থাত থকা আঠমহীয়া সন্তানটি (Poisonous mushrooms reaction)।

সম্প্ৰতি উপযুক্ত চিকিৎসাৰ অভাৱতে এটি দৰিদ্ৰ পৰিয়ালে অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ উল্লেখ্য যে, এই বাতৰিটোৱে সংবাদ শীৰ্ষ দখল কৰাৰ পাচতো জিলা প্ৰশাসন অথবা কোনো জনপ্ৰতিনিধিয়ে পৰিয়ালটোৰ কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যি কথাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ।

আনহাতে বৰ্তমানেও গাঁওখনৰ দুজনকৈ লোক কাঠফুলাৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Poisonous mushrooms reaction : বিষাক্ত কাঠফুলা খাই অসুস্থ একেটা পৰিয়ালৰে তিনিজনকৈ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.