সাৱধান ! পূজা চাবলৈ যাওতেই আপোনাৰ ঘৰত হ’ব পাৰে অঘটন

author img

By

Published : Oct 14, 2021, 8:53 PM IST

terrible theft

পূজাৰ আনন্দ-উল্লাসৰ মাজতে দিন-দুপৰতে চোৰৰ চাফাই অভিযান । ঘৰত কোনো নথকাৰ সুযোগ লৈ বোকাখাত, ডিব্ৰুগড় আৰু সোণাৰিত চোৰে লুটিলে লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

নিউজ ডেস্ক, 14 অক্টোবৰ : পূজাৰ আনন্দ উল্লাসৰ মাজতে দিন-দুপৰতে বোকাখাতত চোৰৰ চাফাই অভিযান । বোকাখাতৰ মিলনপুৰৰ ফুলবাহাদুৰ বিশ্বকৰ্মা আৰু মায়া বিশ্বকৰ্মাৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ ঐতিহাসিক শ্ৰী শ্ৰী কাকগোঁসানী থানলৈ বুলি ওলাই অহা পৰিয়ালটোৰ ঘৰৰ ভেন্টিলেটৰ ভাঙি চোৰে প্ৰায় ৫ লাখ টকাৰ সোণৰ গহনা, টিভি, নগদ ২৫ হাজাৰ টকাৰ লগতে বিভিন্ন বেংকৰ ৪ খন ATM কাৰ্ড চুৰি কৰি লৈ যায় ৷

পূজা চাবলৈ যোৱাৰ পিছতে আপোনাৰ ঘৰত হ’ব পাৰে অঘটন

ইফালে কানাড়া বেংকৰ এখন ATM কাৰ্ডৰ জৰিয়তে চোৰে ইতিমধ্যেই ২২ হাজাৰ টকা উলিয়াছে বুলি সদৰী কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ উক্ত চুৰিকাণ্ড সন্দৰ্ভত বোকাখাত আৰক্ষীৰ থানাত এখন এজাহাৰো দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ উক্ত এজাহাৰৰ ভিত্তিত বোকাখাত আৰক্ষীৰ এটা দলে পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

পূজাৰ এই ধামখুমীয়াৰ মাজতে চৰাইদেউ জিলাৰ সোণাৰিটো সংঘটিত হৈছে বোকাখাতৰ দৰে অনুৰূপ ঘটনা ৷ দুর্গা পূজাৰ মহা অষ্টমীৰ আনন্দৰ মাজতে সোণাৰি নগৰৰ মাজমজিয়াৰ নামৰূপ বাছ ষ্টেণ্ডৰ কাষৰ পৰাই নগদ ধনসহ বহু টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে ৷

সন্ধিয়া নেকিবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত সংঘটিত এই চুৰিকাণ্ড ৷ সোণাৰি নগৰত আৰক্ষীয়ে দিনে-নিশাই তহল দি থকাৰ অৱস্থাত কেনেধৰণে এই চুৰিকাণ্ড সংঘটিত হ'ল তাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত ৷

সমান্তৰালভাৱে একেদিনাই ডিব্ৰুগড় নিজ মানকটাত সংঘটিত হয় আন এক চুৰিকাণ্ড ৷ প্ৰাক্তন সেনা জোৱান শশীধৰ সোণোৱাল নামৰ এজন লোকৰ ঘৰৰ পৰা চোৰে লুটি নিয়ে কেইবা লাখ টকাৰ সা-সম্পত্তি ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি নিয়া সা-সম্পত্তিবোৰ ভিতৰত আছিল ২ লাখ নগদ ধন, সোণৰ আঙুঠি-১২ টা, কাণফুলি-২০ যোৰ, সোণৰ হাৰ ৩ ডাল, প্ৰায় ২৫ লাখ টকাৰ বিভিন্ন সা-সামগ্ৰী ৷

লগতে পঢ়ক : ক’ভিডত ব্যৱহৃত সামগ্ৰীৰ আৰ্হিৰে নিৰ্মিত এটি ব্যতিক্ৰমী পূজা মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.