গোলাঘাটৰ চিকিৎসালয়ত বান্দৰৰ উপদ্ৰৱ: অচল চিটিস্কেন মেচিন

author img

By

Published : Oct 1, 2022, 1:28 PM IST

গোলাঘাটৰ চিকিৎসালয়ত বান্দৰৰ উপদ্ৰৱ: অচল চিটিস্কেন মেচিন

বান্দৰৰ বাবেই সঘনাই বিকল হয় এখন চৰকাৰী চিকিৎসালয়ৰ চিটি স্কেন মেচিন(Malfunctioning CT Scan Machine in Golaghat) ৷ চিকিৎসকক সুধিলে কয়, ‘‘যোৰহাট যাওঁক’’ ৷

গোলাঘাট, 1 অক্টোবৰ: গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত(Kushal Konwar Civil Hospital) ৰোগীৰ মাজত লাগিছে হাহাকাৰ ৷ হাহাকাৰৰ কাৰণ কপীকুল ৷ চিকিৎসকেও ডাঙিছে হাত ৷ খোদ চিকিৎসালয়খনৰ অধীক্ষকৰ ৰোগীলৈ পৰামৰ্শ "যোৰহাট যাওক"৷

বান্দৰামিত এতিয়া অতিষ্ঠ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষ ৷ কাৰণ কপীকুল বান্দৰৰ বান্দৰামিত সঘনাই বিজুতি ঘটে চিকিৎসালয়খনত থকা CT Scan মেচিনৰ (Malfunctioning CT Scan Machine in Golaghat) । অৱশ্যে যান্ত্ৰিক বিজুতিও ইয়াৰ আন এটা কাৰণ বুলি ক’ব বিচাৰে চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে ৷

গোলাঘাটৰ চিকিৎসালয়ত বান্দৰৰ উপদ্ৰৱ: অচল চিটিস্কেন মেচিন

এটা বৃহৎ অঞ্চলৰ ৰোগীৰ সেৱাৰ্থে থকা অসামৰিক চিকিৎসালয়ৰ অতি প্ৰয়োজনীয় যন্ত্ৰ প্ৰায়েই বিকল হৈ থকাত অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসী ৷ কেতিয়াবা যদি বান্দৰে উপদ্ৰৱ চলাই চিটি স্কেন মেচিন বিকল কৰিছে, কেতিয়াবা আকৌ যান্ত্ৰিক বিজুতিৰ বাবে ৰোগী CT Scanৰ পৰা বঞ্চিত হ'বলগীয়া হয় । এই প্ৰসংগত চিকিৎসালয়খনৰ অধীক্ষকক প্ৰশ্ন কৰিলে উত্তৰ এটাই আহে- "যোৰহাট যাওক"।

উল্লেখ্য যে, শুকুৰবাৰেও এক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এগৰাকী ৰোগী চিকিৎসালখনত ভৰ্তি হৈছিল ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোগীগৰাকীৰ প্ৰয়োজন হৈছিল CT scanৰ ৷ কিন্তু মেচিন বিকল হৈ থকাৰ বাবেই সেয়া সম্ভৱ হৈ নুঠিল ৷ ইয়াকে লৈ বিভিন্নজনৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । এখন চিকিৎসালয়ৰ এটা গুৰুত্বপূৰ্ণ যন্ত্ৰ বান্দৰে অনিষ্ট কৰাৰ লগতে আন কাৰণতো সঘনাই বিকল হৈ থকা ঘটনাই চৰকাৰী চিকিৎসালয়ৰ আচল স্বৰূপ উদঙাই দিয়া পৰিলক্ষিত হৈছে (Poor condition of Govt hospital in Golaghat) ৷

লগতে পঢ়ক: ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰয়ক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.