Felicitation to meritius students: বোকাখাতত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

author img

By

Published : Jul 31, 2022, 7:05 PM IST

Felicitation to meritius students

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্য়াতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক মন্ত্ৰী অতুল বৰাৰ উদ্যোগত অভিনন্দন জ্ঞাপন কৰা হয়(Felicitation to meritius students at Bokakhat)। বোকাখাত নাট্য মন্দিৰত দেওবাৰে বোকাখাত সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ উদ্যোগত ৮১০ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয় ।

বোকাখাত,৩১জুলাই: চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্য়াতিৰে উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰী সকলক মন্ত্ৰী অতুল বৰাৰ উদ্যোগত অভিনন্দন জ্ঞাপন কৰা হয়( Felicitation to meritius students at Bokakhat)।

বোকাকাত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

বোকাখাত নাট্য মন্দিৰত দেওবাৰে বোকাখাত সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ উদ্যোগত ৮১০ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয় । ইয়াৰে ৩৪৭ গৰাকী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আৰু ৪৬৩ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতী ছাত্ৰ-ছাত্ৰী ।

কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মন্ত্ৰী বৰাৰ লগতে বীৰাংগনা সতী সাধনী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতি প্ৰসাদ শইকীয়া, জিলা উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা, মহকুমাধিপতি ডাঃ নেহা যাদৱ, গোলাঘাট জিলাৰ বিদ্যালয় পৰিদৰ্শক সমীৰণ বৰাৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক সকল উপস্থিত থাকে ।

অভিনন্দন অনুষ্ঠানত উপস্থিত হৈ বিশিষ্ট ব্যক্তি সকলে ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্যে বহুমূলীয়া ব্যক্তব্য প্ৰদান কৰে । উল্লেখ্য় যে ২০১৬ চনৰ পৰাই বিধায়ক অতুল বৰাৰ নেতৃত্বত শিক্ষাৰ ক্ষেত্ৰত এনে ধৰণৰ পদক্ষেপ গ্ৰহন কৰি আহিছে ।

লগতে পঢ়ক:Rangia Girls Higher Secondary School: ছোৱালী উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত ল’ৰাৰ নামভৰ্তি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.