সৰুপথাৰত মুকলি প্ৰথমটো প্ৰসূতি অস্ত্ৰোপচাৰ কক্ষ

author img

By

Published : Sep 23, 2022, 3:20 PM IST

sarupathar

সৰুপথাৰ সামুহিক স্বাস্থ্য কেন্দ্ৰত মুকলি প্ৰথমটো প্ৰসূতি অস্ত্ৰোপচাৰ কক্ষ (Maternity Operation Room inaugurates in Sarupathar)। দীৰ্ঘদিনীয় দাবীৰ অন্তত মুকলি অস্ত্ৰোপচাৰ কক্ষ । স্থানীয় বিধায়ক বিশ্বজিত ফুকনে মুকলি কৰে কক্ষটো । কক্ষটোৰ প্ৰথমটো অস্ত্ৰোপচাৰত কন্যা সন্তানৰ জন্ম ।

গোলাঘাট,২৩ ছেপ্টেম্বৰ : সৰুপথাৰবাসীৰ বাবে সুখবৰ । অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত সৰুপথাৰ সামুহিক স্বাস্থ্য কেন্দ্ৰত মুকলি হ'ল প্ৰথমটো প্ৰসূতি অস্ত্ৰোপচাৰ কক্ষ (Maternity Operation Room inaugurated in Sarupathar)। কক্ষটো মুকলিৰ পাছতে দুটাকৈ অস্ত্ৰোপচাৰ কৰা হয় । সৰুপথাৰ স্বাস্থ্যখণ্ডৰ বাবে শুকুৰবাৰৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে ৷

ইফালে সামুহিক স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা প্ৰথমটো প্ৰসূতি অস্ত্ৰোপচাৰ কক্ষত এগৰাকী কন্যা সন্তানৰ জন্ম হয় । গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমা গঠন হোৱাৰ ৩৫ বছৰৰ পিছত পোনপ্ৰথমবাৰৰ বাবে সৰুপথাৰ সামুহিক স্বাস্থ্য কেন্দ্ৰত মুকলি কৰা হৈছে প্ৰসূতি অস্ত্ৰোপচাৰ কেন্দ্ৰ (1st Maternity Operation Room in Sarupathar)। ৫ গৰাকী চিকিৎসকসহ সৰ্বমুঠ ১৩ গৰাকী নাৰ্চ আৰু চিকিৎসাকৰ্মীয়ে প্ৰথম দিনটোত দুটাকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰে ।

সৰুপথাৰত মুকলি প্ৰথমটো প্ৰসূতি অস্ত্ৰোপচাৰ কক্ষ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনৰ প্ৰচেষ্টাত আৰু নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ আৰ্থিক অনুদানেৰে সৰুপথাৰবাসীয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিলে এই অস্ত্ৰোপচাৰ কক্ষ । উক্ত অস্ত্ৰোপচাৰ কক্ষটো শুভ উদ্বোধন কৰে বিধায়ক বিশ্বজিত ফুকনে (Local MLA ianugurates Maternity operation room)৷ অনুষ্ঠানটোত উপস্থিত থাকে NRLৰ বিষয়া মিন্টু সন্দিকৈ, জ্যেষ্ঠ চিকিৎসক অজিত গগৈকে ধৰি স্থানীয় ৰাইজ ৷

উল্লেখ্য যে, স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো সৰুপথাৰৰ স্বাস্থ্যখণ্ডৰ অৱস্থা যথেষ্ট শোচনীয় আছে ৷ উন্নত চিকিৎসা বা অস্ত্ৰোপচাৰৰ বাবে প্ৰায় ৫০ কিলোমিটাৰ অতিক্ৰম কৰি সৰুপথাৰৰ ৰাইজে গোলাঘাট বা যোৰহাটলৈ যাবলগীয়া হৈছিল ৷ অৱশ্যে প্ৰসূতি অস্ত্ৰোপচাৰ কক্ষ মুকলি হোৱাৰ পাছত নিশ্চিতভাৱে সৰুপথাৰ ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক :শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰৰ ভদীয়া নাম কীৰ্তনৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.