কাজিৰঙাত চিন্তন বৈঠকৰ আজি তৃতীয় তথা অন্তিমটো দিন

author img

By

Published : Sep 26, 2022, 11:07 AM IST

Updated : Sep 26, 2022, 11:56 AM IST

Last day of Chintan Sibir at Kaziranga

আজি অৰ্থাৎ সোমবাৰে কাজিৰঙাত অনুষ্ঠিত হ’ব চিন্তন বৈঠকৰ তৃতীয় তথা অন্তিমটো দিনৰ কাৰ্যসূচী (Last day of Chintan Sibir) ৷ উল্লেখ্য যে, বিগত 24 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই চিন্তন বৈঠক (Chintan Sibir at Kaziranga) ৷

বোকাখাত, 26 ছেপ্টেম্বৰ: আজি অৰ্থাৎ সোমবাৰে কাজিৰঙাত অনুষ্ঠিত হ’ব চিন্তন বৈঠকৰ তৃতীয় তথা অন্তিমটো দিনৰ কাৰ্যসূচী (Last day of Chintan Sibir) ৷ যোগাসনৰ পৰা আৰম্ভ হ’ব লগা অন্তিম দিনৰ প্ৰথম কাৰ্যসূচীত উপস্থিত থাকিব বহুকেইগৰাকী মন্ত্ৰী ৷

অনুষ্ঠানত মন্ত্ৰী অতুল বৰা (Minister Atul Bora) , মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ (Minister Nandita Garlosa) লগতে থাকিব মন্ত্ৰী যোগেন মহন (Minister Jogen Mohan) , পৰিমল শুক্লবৈদ্যকে ধৰি কেবাগৰাকীও বিশেষ ব্যক্তি ৷ উল্লেখ্য যে, বিগত 24 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই চিন্তন বৈঠক (Chintan Sibir at Kaziranga) ৷

কাজিৰঙাত চিন্তন বৈঠকৰ আজি তৃতীয় তথা অন্তিমটো দিন

অসমক সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সু-পৰিকল্পিতভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যে এই নৱ চিন্তা-চৰ্চাৰে অনুষ্ঠিত কৰা হৈছে এই বৈঠক ৷ তিনিদিনীয়া কাৰ্যক্ৰমেৰে অনুষ্ঠিত এই চিন্তন শিবিৰত উপস্থিত থাকে দেশৰ কেইবাখনো ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশৰ মুখ্য সচিব আৰু কৰ্ণাটকৰ জৰীপ, বন্দোবস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্তৰ উপৰিও ৰাজ্যৰ (অসম) বিভিন্ন বিভাগৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়া বৰ্গ ।

লগতে পঢ়ক: বিজেপিয়ে মাতৃভূমিক বিক্ৰী কৰিবলৈও কুণ্ঠাবোধ নকৰিব: লুৰীণজ্যোতি গগৈ

Last Updated :Sep 26, 2022, 11:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.