Kangana Ranaut in Assam: আমটেঙাত নিৰ্মাণ হৈছে 1977 চনৰ বাংলাদেশৰ ছেট

author img

By

Published : Nov 24, 2022, 1:16 PM IST

Kangana Ranaut in Assam

বোকাখাতৰ নিকৰিৰ পাছত এইবাৰ বোকাখাতৰ আমটেঙাত কংগনা ৰানাৱটৰ শ্বুটিং (Kangana Ranaut busy shooting for Emergency in Bokakhat) ৷ পুৱাৰে পৰা ব্যস্ত বলিউড অভিনেত্ৰী কংগনা ৰানাৱট আৰু ইমাৰজেঞ্চীৰ টীম (Emergency in Assam)৷

বোকাখাত, 24 নৱেম্বৰ : হঠাৎ বোকাখাতত লাগিল হুলস্থূল ৷ চাৰিওফালে কেৱল হৈ হাল্লা ৷ ক’ত কি হৈছে কোনেও ধৰিব পৰা নাই ৷ এজন-দুজনকৈ গোট খাইছে বহু গাঁৱৰ মানুহ ৷ সকলোৰে এটাই প্ৰশ্ন, কি হৈছে ইয়াত ? কেলৈ আঁৰি দিয়া হৈছে বাংলা ভাষাৰ বেনাৰ পোষ্টাৰ ? এয়া বাংলাদেশীৰ আগ্ৰাসন নেকি...ইত্যাদি মাথো প্ৰশ্ন ৷

পিছে ৰ’ৱ, চিন্তাৰ কোনো কথা নাই ৷ বোকাখাতত এয়া বাংলাদেশীৰ আগ্ৰাসন নহয় ৷ এয়া হৈছে বলিউড অভিনেত্ৰী কংগনা ৰানাৱটৰ ইমাৰজেঞ্চীৰ শ্বুটিংৰ ব্যস্ততাহে (Kangana Ranaut busy shooting for Emergency in Bokakhat) ৷ বোকাখাতৰ নিকৰিৰ পাচত এইবাৰ আমটেঙাত আৰম্ভ হৈছে কংগনা ৰানাৱটৰ শ্বুটিং (Emergency in Assam)৷ শ্বুটিঙৰ বিষয়বস্তু অনুসৰিয়েই বোকাখাতৰ আমটেঙাত নিৰ্মাণ কৰা হৈছে 1977 চনৰ বাংলাদেশৰ ছেট ।

সেই হেতুকে আমটেঙাৰ প্ৰতিখন দোকানতে আঁৰি দিয়া হৈছে বাংলা ভাষাৰ চাইনবৰ্ড ৷

আমটেঙাত নিৰ্মাণ হৈছে 1977 চনৰ বাংলাদেশৰ ছেট

ইমাৰজেঞ্চীৰ শ্বুটিঙৰ বাবে বৃহস্পতিবাৰে পুৱা প্ৰায় 5 বজাৰ পৰাই সজাই-পৰাই তুলা হৈছে বোকাখাতৰ আমটেঙা বজাৰৰ দোকানসমূহ (Kangana Ranaut began Emergency Shooting in Bokakhat) ৷ আনকি পুৱা প্ৰায় 5 বজাৰ পৰাই বোকাখাতৰ আমটেঙা বজাৰত আছেহি বলিউড অভিনেত্ৰী কংগনা ৰানাৱট আৰু ইমাৰজেঞ্চীৰ টীম লগতে অভিনেত্ৰীগৰাকীৰ সহ অভিনেতাসকলো (Kangana Ranaut in Assam)৷ এনেদৰেই এতিয়া বোকাখাতৰ ভিন্ন প্ৰান্তত চলিছে ইমাৰজেঞ্চীৰ শ্বুটিং ৷

আনহাতে, প্ৰিয় বলিউড অভিনেত্ৰীগৰাকীক কাষৰ পৰা এবাৰ চোৱাৰ হেঁপাহ প্ৰতিজন বোকাখাতবাসীৰ ৷ সেয়ে য’তেই শ্বুটিঙৰ খবৰ পাইছে, ত’তেই অভিনেত্ৰীগৰাকীক চাবলৈ ভিৰ কৰিছেহি বোকাখাতৰ ৰাইজে ৷

লগতে পঢ়ক : Kangana Ranaut in Assam: বোকাখাতত আৰম্ভ কংগনা ৰানাৱতৰ ইমাৰজেঞ্চীৰ ছুটিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.