চুঙাজানত হেৰ’ইনসহ আটক বহিঃৰাজ্যৰ যুৱক

author img

By

Published : Sep 26, 2021, 2:17 PM IST

heroin-peddler-arrested-at-sungajan

শনিবাৰে গোলাঘাটৰ চুঙাজানত হেৰ’ইন(Heroin)সহ এজন বহিঃৰাজ্যৰ যুৱকক আটক কৰে আৰক্ষীয়ে ৷ ধৃত যুৱকজনৰ পৰা প্ৰায় 1.68 গ্ৰাম ওজনৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ।

সৰুপথাৰ, 26 ছেপ্তেম্বৰ : গোলাঘাটৰ চুঙাজানত শনিবাৰে হেৰ’ইন(Heroin)সহ আটক এজন যুৱক ৷ জিলাখনৰ চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত নাওঘাটৰ পৰা আটক কৰা হয় বহিঃৰাজ্যৰ যুৱকজনক ৷ ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে চলাইছিল নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷

heroin-peddler-arrested-at-sungajan
হেৰ’ইনসহ আটক বহিঃৰাজ্যৰ যুৱক

ধৃত যুৱকজনৰ নাম চিৰাজুল আলী(23) আৰু তেওঁৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰৰ সাতমাইলত বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ পৰা প্ৰায় 1.68 গ্ৰাম ওজনৰ হেৰ’ইন আৰু এটা ম’বাইল ফোন জব্দ কৰে আৰক্ষীয়ে । আটকাধীন যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে চুঙাজান আৰক্ষীয়ে 20/21, E/AS22(B)27 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

heroin-peddler-arrested-at-sungajan
চুঙাজানত হেৰ’ইনসহ আটক বহিঃৰাজ্যৰ যুৱক

লগতে পঢ়ক : চুলাই বিচাৰি ঘৰে ঘৰে আবকাৰী বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.