আঞ্চলিক দলৰ কথা আৰু কামৰ মিল নাই : গৌৰৱ গগৈ

author img

By

Published : Sep 20, 2021, 8:15 PM IST

gourav-gogoi-asks-regional-parties-to-join-hands-with-congress

বিজেপিক দুৰ্বল কৰিম বুলি যদি কোনোবা আঞ্চলিক দলে ভাৱে, তেন্তে তেওঁলোকক কংগ্ৰেছক সহায় কৰাৰ আহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে ৷ হাফপেন্ট বিতৰ্ক সন্দৰ্ভতো মন্তব্য কৰিলে গৌৰৱ গগৈয়ে ৷

গোলাঘাট, 20 ছেপ্টেম্বৰ : সোমবাৰে গোলাঘাটত দুটাকৈ বেচৰকাৰী সংস্থা SWISS RE আৰু FARM TO FOOD ৰ উদ্যোগত সাংসদ গৌৰৱ গগৈয়ে চাহ বাগিচাৰ তিনিগৰাকী ছাত্ৰীলৈ আগবঢ়ালে বিত্তীয় সাহাৰ্য। বিত্তীয় সাহাৰ্য অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে, প্ৰতিটো সমষ্টিত কংগ্ৰেছ দলে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰে কংগ্ৰেছৰ কাৰ্যকৰ্তা সকলে ।

কাৰ্যকৰ্তাৰ এই কথা হাইকামাণ্ডক জনোৱা হ'ব আৰু হাইকামাণ্ডে যি সিদ্ধান্ত লয় সেইমতেই আগবঢ়া হ'ব । কিন্তু গৌৰৱ গগৈয়ে নিজৰ মনৰ কথা ব্যক্ত কৰি কয় যে, তেওঁ সদায় বিচাৰে যে বিৰোধী দল সমূহ একগোট হওক । এতিয়াও বিৰোধী একগোট হলে কোনো আপত্তি নাই, কিন্তু আসন ভাগ কিয় বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কয়, এতিয়া সকলোৱেই গম পালে যে আটাইতকৈ সক্ৰিয় আৰু বিকল্প দল হ'ল কংগ্ৰেছ দল ।

আঞ্চলিক দলৰ কথা আৰু কামৰ মিল নাই : গৌৰৱ গগৈ

বিজেপিক দুৰ্বল কৰিম বুলি যদি কোনোবা আঞ্চলিক দলে ভাৱে তেন্তে কংগ্ৰেছক সহায় কৰাৰো আহ্বান জনায় তেওঁ । কাৰণ যোৱা নিৰ্বাচনত থাওৰাত কংগ্ৰেছ দলহে জিকিছে বুলিও মন্তব্য কৰে কলিয়াবৰৰ কংগ্ৰেছী সাংসদ গৰাকীয়ে ।

সাংসদ গৰাকীয়ে লগতে কয় যে, আঞ্চলিক দলে নিজে তেওঁলোকৰ কথা আৰু ব্যৱহাৰৰ ওপৰত আত্মবিশ্লেষণ কৰাটোৰ প্ৰয়োজন আছে । ইফালে, আঞ্চলিক দলৰ কথা আৰু কামৰ মিল নাই বুলিও মন্তব্য কৰি তেওঁ কয়, তেওঁলোকৰ কথা আৰু কামত পাৰ্থক্য আছে । এতিয়া বিজেপিৰ বিকল্প এটাহে দল আছে আৰু সেইয়া কংগ্ৰেছ দল বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ।

মৰিয়নি আৰু থাওৰা সমষ্টিত ভাল প্ৰাৰ্থীৰ অভাৱ নাই বুলি উল্লেখ কৰি গগৈয়ে কয় যে, সমষ্টি দুটাৰ ৰাইজে সিদ্ধান্ত ল'ব এজন জনপ্ৰতিনিধিৰ ব্যৱহাৰ কেনে হোৱা উচিত । আনহাতে, হাফপেন্ট বিতৰ্ক সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কয়, একৈশ শতিকাৰ এই দিনত ল'ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য হ'ব নালাগে । ছাত্ৰৰ ক্ষেত্ৰত যি নিয়ম আছে ছাত্ৰীৰ ওপৰতো একেই নিয়ম থাকিব লাগে বুলি তেওঁ ব্যক্তিগত মত ব্যক্ত কৰে ।

লগতে পঢ়ক : শিৱসাগৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নক লৈ তৎপৰ অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.